অসম আৰক্ষীয়ে ৰুজু কৰা গোচৰত জামিন লাভ কৰাৰ পাছতে পুনৰ অসম চৰকাৰ, আৰক্ষী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে গুজৰাটৰ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানী ৷ আজি সংবাদমাধ্যমৰ সৈতে মত বিনিময় কৰি মেৱানীয়ে কয় যে এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ “ষড়যন্ত্ৰ”কৰা হৈছে ৷ তেওঁ কয় “এগৰাকী মহিলাক ব্যৱহাৰ কৰি মোক মিছা গোচৰত অভিযুক্ত কৰিবলৈ কৰা এনে কামক মই ৫৬ ইঞ্চিৰ কাপুৰুষালি বুলি কওঁ ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় এই ষড়যন্ত্ৰত জড়িত আছিল ৷ “
জামিন প্ৰদান কৰি আদালতে আৰক্ষীৰ কর্মকাণ্ডত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কৰা মন্তব্যৰ বাবে অসমৰ ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ “লজ্জিত” হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে ৷ এই প্ৰসংগতে মেৱানীয়ে কয়, ” যোৱা ১৯ এপ্ৰিলত এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। আৰক্ষীয়ে মোক গ্ৰেপ্তাৰ কৰিবলৈ একেদিনাই ২,৫০০ কিলোমিটাৰৰো অধিক ভ্ৰমণ কৰিছিল। এয়া মোক ধ্বংস কৰাৰ এক পূৰ্বপৰিকল্পিত ষড়যন্ত্ৰ আছিল।”
গুজৰাটৰ এজন নিৰ্দলীয় বিধায়ক মেৱানীক যোৱা মাহত গুজৰাটৰ পালনপুৰ চহৰৰ পৰা অসম আৰক্ষীৰ এটা দলে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি কেইটামান টুইট কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। গোচৰটো অসমৰ এজন বিজেপি নেতাই দিছিল ৷
তেওঁ ২৫ এপ্ৰিলত এটা গোচৰত জামিন লাভ কৰাৰ পাছতে এগৰাকী মহিলা আৰক্ষীৰ দ্বাৰা দাখিল কৰা আন এটা গোচৰত তৎক্ষণিকভাৱে পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল ৷ শুকুৰবাৰে অসমৰ এখন স্থানীয় আদালতে তেওঁক জামিন দিয়াৰ পিছত অৱশেষত শনিবাৰে তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল। নিৰ্দলীয় বিধায়ক হিচাপে নিৰ্বাচিত হোৱা মেৱানীয়ে ২০১৯ চনৰ ছেপ্টেম্বৰত কংগ্ৰেছলৈ সমৰ্থন আগবঢ়াইছিল।