বিজেপি চৰকাৰৰ বিফলতাৰ বাবেই দিল্লী আৰু পঞ্জাৱত গাডী দখল কৰা অৰৱিন্দ কেজৰীৱালৰ ‘আপ’ৰ প্ৰতি দিনে দিনে আকৃষ্ট হ’বলৈ ধৰিছে নেকি অসমৰ যুৱ-প্ৰজন্ম? এইবাৰ শিৱসাগৰত আম আদমী পাৰ্টীত যোগদান কৰিলে শতাধিক যুৱক-যুৱতীয়ে ৷ বৰ্তমান সময়ত শাসনাধিস্থিত ৰাজনৈতিক দলটোৰ প্ৰধান বিৰোধী দল হিচাপে এইবাৰ অসমত সক্ৰিয় হৈ পৰিছে আম আদমী পাৰ্টী ৷ অসমৰ শিৱসাগৰৰ বাৰোৱাৰী সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হোৱা যোগদান কাৰ্য্যসূচীত দলটোত যোগদান কৰিলে শিৱসাগৰৰ শতাধিক যুৱক-যুৱতীয়ে ৷ লগতে উক্ত কাৰ্যসূচীত দলটোত যোগদান কৰে ছাত্ৰ নেতাকে ধৰি একাংশ ব্যৱসায়ীয়েও ৷ এই যোগদান সমাৰোহত নতুন সদস্যসকলক দলটোৰ টুপী আৰু প্ৰতীক প্ৰদান কৰি দলটোৰ মজিয়ালৈ আদৰণি জনাই বিভাগটোৰ কৰ্ম-কৰ্তাসকলে । এই অনুষ্ঠানত উপস্থিত থাকে দলটোৰ ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত ডুবে ৷
”দলটোৰ প্ৰতি জনসাধাৰণৰ আস্থা ক্ৰমশঃ বৃদ্ধি পাইছে ৷ যাৰ পৰিপ্ৰেক্ষিতত আপলৈ ধাৱমান হৈছে ৰাজ্যৰ জনসাধাৰণ ৷ দিল্লী আৰু পঞ্জাৱত ৰাইজৰ মন জয় কৰি চৰকাৰ গঠন কৰা দলটো অসমত শেহতীয়াকৈ এক বিকল্প ৰাজনৈতিক শক্তি ৰূপে ৰাইজে স্বীকৃতি দিয়া বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে দলটোৰ ৰাজ্যিক যুটীয়া সমন্বয়কগৰাকীয়ে ”৷
লগতে তেওঁ কয় যে, কৰ্মৰে ৰাজনীতি কৰাৰ লক্ষ্যৰে দলটোৱে শিক্ষা, স্বাস্থ্য আদিকে ধৰি বুনিয়াদী খণ্ডত দিল্লীত যি দৰে অভূতপূৰ্ব পৰিৱৰ্তনৰ সূচনা কৰিছে, সেই একে পৰিৱৰ্তন ৰাইজে অসমতো পাব ৷
শিৱসাগৰৰ এই কাৰ্যসূচীৰ পিছতেই নাজিৰা আৰু ডিমৌতো সমান্তৰালভাৱে অনুষ্ঠিত কৰা হয় দলটোৰ এই যোগদান কাৰ্যসূচী ৷