প্ৰথমবাৰলৈ বিধানসভালৈ নির্বাচিত হোৱাৰ পাছতে আজি সাংসদ পদ ত্যাগ কৰে সমাজবাদী পাৰ্টিৰ মুৰব্বী তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে ৷ ইয়াৰ লগে লগে সংসদত সমাজবাদী পাৰ্টিৰ সদস্যৰ সংখ্যা চাৰিজনলৈ হ্ৰাস পালে ৷ সমাজবাদী পাৰ্টিয়ে ২০১৯ ৰ সাধাৰণ নিৰ্বাচনত পাঁচখন লোকসভা আসনত জয়ী হৈছিল ৷ অখিলেশ যাদৱ পূৱ উত্তৰ প্ৰদেশৰ আজমগড়ৰ সাংসদ হিচাপে নির্বাচিত হৈছিল । তেওঁ যোৱা মাৰ্চ-এপ্ৰিলত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়ইাই কাৰহালৰ পৰা বিজয় সাৱ্যস্ত কৰিছিল ৷
প্ৰাপ্ত তথ্য অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰী যাদৱে ২০২৭ চনৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ ওপৰত দৃষ্টি ৰাখি উত্তৰ প্ৰদেশ বিধানসভাত বিৰোধী দলপতিৰ ভুমিকা ল’ব বিচাৰিছে ৷ বিশেষকৈ আগন্তুক ৫ বছৰত উত্তৰ প্ৰদেশত বিজেপি আৰু যোগী আদিত্যনাথৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰি নিজৰ স্থিতি দৃঢ় কৰাৰ পৰিকল্পনা কৰিছে অখিলেশ যাদৱে । শেহতীয়াকৈ অনুষ্ঠিত উত্তৰ প্ৰদেশ নিৰ্বাচনত সমাজবাদী পার্টীয়ে ১১১ খন আসনত জয়লাভ কৰিছিল ৷ , সমাজবাদী পাৰ্টীয়ে ২০১৭ চনত ৪৭ খন আসনহে লাভ কৰিছিল ৷