এইবাৰ কংগ্ৰেছে তেলেংগানাৰ আসন দখল কৰিবলৈ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিনক প্ৰক্ষেপ কৰিব পাৰে। আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজধানী চহৰ হায়দৰাবাদৰ যিকোনো আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি প্ৰকাশ কৰিছে প্ৰাক্তন সাংসদ আজহাৰুদ্দিনে। সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত আজহাৰে বৃহস্পতিবাৰে কয় – ‘পৰিস্থিতি আমাৰ বাবে অনুকূল। তেলেংগানাৰ ৰাইজে কংগ্ৰেছক বিচাৰে। আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব।”
ইয়াৰ পিছতে আজহাৰে কয় –“মই হায়দৰাবাদৰ পৰা আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম।“হায়দৰাবাদৰ বাসিন্দা আজহাৰুদ্দিনে প্ৰায় দুটা দশক পূৰ্বে কংগ্ৰেছত যোগদান কৰিছিল। এসময়ৰ জনপ্ৰিয় বেটছমেনগৰাকীয়ে কংগ্ৰেছৰ টিকটত দুবাৰকৈ লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০০৯ চনত উত্তৰ প্ৰদেশৰ মোৰাদাবাদ লোকসভাৰ আসনত জয়লাভ কৰিছিল আজহাৰুদ্দিনে। ২০১৮ চনত আজহাৰুদ্দিনক তেলেংগানা ৰাজ্যিক কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল। সেই বছৰৰ বিধানসভা নিৰ্বাচনত তেওঁ হায়দৰাবাদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কিন্তু শেষত তেওঁ প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত থাকে ৷
২০১৯ চনত হায়দৰাবাদ বা ছিকেণ্ডৰাবাদৰ আসনৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা সন্দৰ্ভতো জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কিন্তু সেইবাৰ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। প্ৰসংগক্ৰমে চলিত বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰ মাহত মিজোৰামৰ মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীগড়ৰ লগতে তেলেংগানাতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বি আৰ এছ, বিজেপি আৰু কংগ্ৰেছৰ মাজত তিনিকোণীয়া যুঁজ হ’বলৈ গৈ আছে। সেই ৰাজ্যত বিজেপি আৰু বিআৰএছৰ বহু নেতাই ইতিমধ্যে কংগ্ৰেছত যোগদান কৰিছে।