দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পার্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক হত্যাৰ ষড়যন্ত্ৰ চলিছে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াই ৷ গুজৰাট আৰু দিল্লীৰ এমচিডিত নিৰ্বাচনত পৰাজয়ৰ আশংকা কৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি বৃহস্পতিবাৰে অভিযোগ উত্থাপন কৰে ছিছোডিয়াই ৷ এই ষড়যন্ত্ৰত দিল্লীৰ সাংসদ মনোজ তিৱাৰী জড়িত থকাৰো তেওঁ অভিযোগ উত্থাপন কৰে।অৱশ্যে ছিছোডিয়াই দৃঢ়তাৰে কয় যে আম আদমি পাৰ্টিয়ে এনে লেতেৰা ৰাজনীতিত ভয় নকৰে।
এক টুইটযোগে তেওঁ কয় -“গুজৰাট আৰু এমচিডি নিৰ্বাচনত পৰাজয়ৰ আশংকাত বিজেপিয়ে অৰবিন্দ কেজৰিৱালক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। তেওঁলোকৰ সাংসদ মনোজ তিৱাৰীয়ে মুকলিকৈ তেওঁৰ গুণ্ডাক কেজৰিৱালক আক্ৰমণ কৰিবলৈ কৈছে আৰু তেওঁ সম্পূৰ্ণ পৰিকল্পনা কৰিছে। তেওঁলোকৰ লেতেৰা ৰাজনীতিলৈ আপে ভয় কৰা নাই। মানুহে তেওঁলোকৰ গুণ্ডাগিৰিৰ উত্তৰ দিব।’-
উল্লেখ্য যে তিৱাৰীয়ে এদিন পূর্বে কেজৰিৱালৰ নিৰাপত্তাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰাৰ লগতে শেহতীয়াকৈ দুৰ্নীতি আৰু এমচিডি নিৰ্বাচনৰ বাবে “টিকট বিক্ৰী” হোৱা বুলি অভিযোগৰ ওপৰত আলোকপাত কৰিছিল।