অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুৰ্থ দিনা এগৰাকী জ্যেষ্ঠমন্ত্ৰীৰ অশোভনীয় আচৰণৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল হৈ পৰে বিধানসভাৰ মজিয়া । এটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বিধায়ক অখিল গগৈক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংগুষ্ঠ প্ৰদর্শন কৰাক লৈ এই বিতর্কৰ সৃষ্টি হয় ৷
উল্লেখ্য যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংখ্যালঘু উন্নয়ন বিভাগৰ পুঁজিৰ ব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল ৷ এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধীৰ ফালে অংগুষ্ঠ প্ৰদর্শন কৰি বিধানসভাৰ মৰ্যাদা ম্লান কৰিলে। এগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ এনে আচৰণৰ পিছতে উত্তাল হৈ পৰে বিধানসভাৰ মজিয়া । ইয়াৰ পাছতে সদন ত্যাগ কৰে কংগ্ৰেছে।
বিভাগীয় মন্ত্ৰী গৰাকীয়ে বিৰোধীৰ প্ৰশ্নৰ সঠিক উত্তৰ দিয়া নাই বুলি অভিযোগ কৰে ৷ পাটোৱাৰীৰ উত্তৰৰ সময়তে অখিল গগৈয়ে মন্ত্ৰীয়ে বেয়া উত্তৰ দিছে বুলি প্ৰকাশ কৰে ৷ অখিল গগৈৰ কথাত জাঙুৰ খাই উঠে পাটোৱাৰী। তাৰ পিছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে থিয় হৈ কয়, ‘‘অখিল গগৈ, আপুনি মোক একো নাজানো বুলি কৈছে। মোক অখিল গগৈৰ চাৰ্টিফিকেট নালাগে’’ ৷ ইয়াৰ পাছতে দুয়োখন হাত দাঙি মন্ত্ৰী গৰাকীয়ে অংগুষ্ঠ প্ৰদর্শন কৰে ৷ পাটোৱাৰীৰ এই আচৰণৰ পিছতে উভতি ধৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।