মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য এবাৰতে আধাতকৈ অধিক হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। তেওঁ কয় যে ১ ছেপ্টেম্বৰ আৰু তাৰ পিছত ‘প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা’ আৰু ‘মুখ্যমন্ত্ৰী লাডলী বাহেনা’ আঁচনিত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰা সকলোৱে এই চৰকাৰী ৰাজসাহায্য লাভ কৰিব।
যিসকলে এতিয়াও ‘মুখ্যমন্ত্ৰী লাডলী বাহেনা’ আঁচনিৰ বাবে পঞ্জীয়ন কৰা নাই, তেওঁলোকে ব্লক পৰ্যায়ত সংশ্লিষ্ট কেন্দ্ৰলৈ গৈ ৰাজ্য চৰকাৰৰ পৰা ৰাজসাহায্য লাভ কৰিব বুলি শিৱৰাজ সিং চৌহানে কয়। প্ৰসংগক্ৰমে নৰেন্দ্ৰ মোডী চৰকাৰে খোদ আগষ্ট মাহতে প্ৰতি চিলিণ্ডাৰত ৰন্ধন গেছৰ মূল্য ২০০ টকালৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। বিৰোধীয়ে দাবী কৰিছে যে আগন্তুক পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু অহা বছৰৰ লোকসভা নিৰ্বাচনৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
শিৱৰাজ চৰকাৰে কয় যে যিসকলে কেন্দ্ৰীয় ৰাজসাহায্য লাভ কৰিব তেওঁলোকক ৰাজ্য চৰকাৰে প্ৰদান কৰা সুবিধা লাভ কৰাত কোনো সমস্যা নহ’ব। ৪৫০ টকাত সকলোৱে পাব ৰন্ধন গেছৰ চিলিণ্ডাৰ। নৱেম্বৰ-ডিচেম্বৰ মাহত মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। তাৰ আগতে ৰাজনৈতিক বিশ্লেষকৰ এটা অংশই ভাবে যে ৰাজ্যখনৰ বিজেপি চৰকাৰৰ এই পদক্ষেপ নির্বাচনকেন্দ্ৰিক ৷ প্ৰসংগক্ৰমে যোৱা এপ্ৰিল মাহতহে ৰাজস্থানৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী অশোক গেহলটে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক ৫০০ টকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰিবলৈ আৰম্ভ কৰিছিল।