শেহতীয়াকৈ অনুষ্ঠিত ৫ ৰাজ্যৰ বিধানসভা নির্বাচনৰ শোচনীয় পৰাজয়ৰ পাছত দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছৰ ভিতৰচ’ৰাত জোকৰণিৰ সৃষ্টি হ’ব বুলি ভবা হৈছিল ৷ পৰাজয়ৰ পাছতে দলটোৰ নেতৃত্বৰ সালসলনি ঘটাৰো সম্ভাৱনা আছে বুলি ৰাজনৈতিক মহলত চর্চা লাভ কৰিছিল ৷ কিন্তু ৫ ৰাজ্যত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পাছতো একপ্ৰকাৰ ‘ডু নট ডিষ্টার্ব মোড’ অব্যাহত আছে কংগ্ৰেছত ৷ এখনৰ পাছত আন এখন ৰাজ্যৰ নির্বাচনত পৰাজিত হ’লেও নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিৰ পদতে কার্যনিবাহ কৰি থাকিব ছোনিয়া গান্ধীয়ে ৷ কালি অনুষ্ঠিত দলটোৰ ৱর্কিং কমিটীৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ পূর্বৰ দৰেই বৈঠকত শোচনীয় পৰাজয়ৰ দোষ স্বীকাৰ কৰি প্ৰথমে গান্ধীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে ৷ কিন্তু আন নেতাসকলে মানি নোলোৱাত তেওঁ সভাপতিৰ আসনত অধিষ্ঠিত হৈ থাকিবলৈ সন্মতি প্ৰদান কৰে ৷
দলটোৰ শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে দেওবাৰে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ইয়াৰ শোচনীয় পৰাজয়ৰ কাৰণসমূহ বিবেচনা কৰাৰ বাবে মিলিত হৈছিল ৷ ইয়াতে লোৱা সিদ্ধান্ত অনুসৰি ছোনিয়া গান্ধীয়ে কমেও আগষ্ট-ছেপ্টেম্বৰ লৈকে দলৰ সভাপতিৰ দায়িত্ব পালন কৰি থাকিব থাকিব, যেতিয়ালৈ কংগ্ৰেছৰ নতুন সভাপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত নহয় ৷ তদুপৰি অহা ৮ এপ্ৰিলত সংসদৰ অধিৱেশন সমাপ্ত হোৱাৰ পিছত ‘চিন্তন শিবিৰ’ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৈঠকত ৷
এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৈঠকখনত অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে কয় যে গান্ধী পৰিয়াল নির্বাচনত পৰাজিত হোৱাৰ বাবে জগৰীয়া আৰু তেওঁক আঁতৰি যোৱা উচিত বুলি ভাৱে তেনেহ’লে পুত্ৰ ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দলটোৰ বাবে সকলো “ত্যাগ” কৰিবলৈ সাজু ৷ ইয়াৰ পাছতে দলৰ নেতাসকলে গান্ধীক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ লগতে সাংগঠনিক দুৰ্বলতাসমূহৰ সমাধান কৰিবলৈ আহ্বান জনায় ৷ যাৰ পৰিপ্ৰেক্ষিতত ছোনিয়াই দলটোৰ সভাপতি পদতে অধিষ্ঠিত হৈ থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷