কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই লৈ অব্যাহত আছে বিভ্ৰান্তি। দেওবাৰে বেংগালুৰুত কংগ্ৰেছ সংসদীয় দলৰ বৈঠকত কংগ্ৰেছে নিযুক্তি দিয়া তিনিজন পৰ্যবেক্ষকে নৱনিৰ্বাচিত বিধায়কসকলৰ মতামত গ্ৰহণ কৰে। কিন্তু একে সময়তে সেই বৈঠকত সৰ্বসন্মতিক্ৰমে এটা প্ৰস্তাৱ গৃহীত হয়। সেই প্ৰস্তাৱত কোৱা হৈছে যে মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত কংগ্ৰেছ হাইকমাণ্ডে ল’ব। এনে পৰিবেশত মুখ্যমন্ত্ৰী পদৰ অন্যতম প্ৰতিদ্বন্দ্বী ছিদ্দাৰামায়া সোমবাৰে দিল্লীত উপস্থিত হয় । কিন্তু এতিয়ালৈকে পোৱা খবৰ অনুসৰি মুখ্যমন্ত্ৰী পদৰ আন এজন প্ৰতিদ্বন্দ্বী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ দিল্লীলৈ যোৱা নাই। তেওঁ জন্মদিনৰ উদযাপনত ব্যস্ত।
অৱশ্যে সোমবাৰে শিৱকুমাৰৰ মন্তব্যক কেন্দ্ৰ কৰি জল্পনা-কল্পনা আৰম্ভ হৈছে। তেওঁ ক’লে, “মই যি কৰিব লাগিছিল তাকেই কৰিলোঁ। মোৰ জন্মদিনত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই মোৰ বাবে কি উপহাৰ ৰাখিছে নাজানো।” কিন্তু এই শিৱকুমাৰে দেওবাৰে কয় যে তেওঁ দলৰ এজন নিষ্ঠাবান কৰ্মী। গতিকে দলৰ সিদ্ধান্তই চূড়ান্ত। কিন্তু শিৱকুমাৰে দেওবাৰে স্পষ্ট কৰি দিলে যে দলৰ পৰা তেওঁৰ ‘প্ৰত্যাশা’ আছে। দিল্লীলৈ যোৱাৰ সন্দৰ্ভত তেওঁ কয় যে এই বিষয়ত তেওঁ এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই।
সোমবাৰে পুৱা দিল্লীত এখন বৈঠকত মিলিত হৈছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে। এই বৈঠকত উপস্থিত থাকিব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব যেনে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, ছোনিয়া গান্ধী। কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত জল্পনা-কল্পনা চলিছে, খাৰ্গেইয়ে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত ল’ব। সোমবাৰৰ বৈঠকত এই সন্দৰ্ভত চৰ্চা হ’ব। কংগ্ৰেছৰ সূত্ৰ অনুসৰি শিৱকুমাৰ আৰু সিদ্দাৰমাইয়াক দলে অপেক্ষা কৰিবলৈ কৈছে।