সমাগত লোকসভা নির্বাচন ৷ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নির্বাচনী কুচকাৱাজ ৷ পিছপৰি ৰোৱা নাই আঞ্চলিক দল অসম জাতীয় পৰিষদ ৷ অসম জাতীয় পৰিষদে সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত আজিৰে পৰা আৰম্ভ কৰিব এক অসম যাত্ৰা ৷ ধুবুৰীৰ পৰা শদিয়ালৈ এই যাত্ৰা কৰা হ’ব ৷ আজি ধুবুৰীৰ নেতাই ধুবুনী ঘাটৰ পৰা এই যাত্ৰা আৰম্ভ কৰা হ’ব ৷
এই সন্দর্ভত লদলটোৰ সভাপতি লুৰিণজয়োতি গগৈয়ে কয় যে উজনিৰ সৈতে নামনিৰ, পাহাৰৰ সৈতে ভৈয়ামৰ, বৰাকৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয়ৰ মানসিকতাক পুনৰুজ্জীৱিত কৰাৰ লগতে জনসাধাৰণৰ অধিকাৰ আদায়ৰ চেতনাক জাগ্ৰত কৰি, চৰকাৰৰ ভ্ৰষ্টাচাৰী তথা ফেচিষ্ট কৰ্মকাণ্ডৰ বিৰুদ্ধে জনমত গঠন কৰাটো হ’ব যাত্ৰাৰ মূল উদ্দেশ্য ৷
তেওঁ কয় – “জনসাধাৰণৰ মাজত সম্প্ৰীতি আৰু গণতান্ত্ৰিক চেতনাক জাগ্ৰত কৰাটো এই যাত্ৰাৰ লক্ষ্য হ’ব৷ মত-পথ ভিন্ন হ’ব পাৰে, কিন্তু অসমৰ স্বাৰ্থত আমি সকলো এক – এয়াই হ’ব যাত্ৰাৰ দৰ্শন ৷ “
‘এক অসম যাত্ৰা’ৰ পূৰ্বে কালি ঐতিহাসিক মধুপুৰ সত্ৰত শৰাই আগবঢ়াই গুৰুদুজনাক স্মৰণ কৰে লুৰিণজয়োতি গগৈয়ে ৷ এক অসম যাত্ৰা’ৰ বাবে প্ৰতিগৰাকী অসমবাসীৰ শুভাশীৰ্বাদ কামনা কৰিছে দলটোৱে ৷