প্ৰচণ্ড গৰমৰ মাজতে অভাৱনীয় বিদ্যুৎ সংকটে ৰাজ্যবাসীক জুৰুলা কৰিছে ৷ সঘন লোডশ্বেডিঙে অতীষ্ঠ কৰি তুলিছে সাধাৰণ ৰাইজক ৷ কিন্তু ৰাজ্যবাসীক এই সমস্যাৰ পৰা উপশম দিবলৈ সক্ষম হোৱা নাই ৷ বৰঞ্চ এই সমস্যা সমাধান কৰিবলৈ চৰকাৰ অপৰাগ বুলি একপ্ৰকাৰ দায়সৰা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ আজি চৰকাৰৰ এই ব্যর্থতাৰ প্ৰতিবাদ সাৱ্যস্ত কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ হাতত লেম্প আৰু বিচনী লৈ বিধানসভাৰ অধিৱেশনলৈ আহে বিধায়ক গৰাকী ৷
এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক গৰাকীয়ে কয় -‘ৰাইজক অতীজৰ দিনলৈ ঘূৰাই পঠিয়াইছে চৰকাৰে। এতিয়া অসমৰ মানুহে বিচনী, লেম্প আদি ল’ব লাগিব।’ এইক্ষেত্ৰত চৰকাৰক শীঘ্ৰে ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে অখিল গগৈৰ।