নেশ্যনেল হেৰল্ড গোচৰত আজি তৃতীয় দিনৰ বাবে ইডিয়ে সোধপোচ কৰে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীক ৷ অৱশ্যে কংগ্ৰেছ সভানেত্ৰীগৰাকীক এই গোচৰত অবৈধ ধন সৰবৰাহ সন্দর্ভত জেৰাৰ আজি অন্ত পৰিছে ৷ তিনিদিনত তেওঁক মুঠ ১২ ঘণ্টা জেৰা কৰা হয় ৷ এই সময়ছোৱাত ১০০ৰো অধিক প্ৰশ্ন কৰা হৈছিল। ৭৫ বছৰীয়া ছোনিয়া গান্ধীক আজি তৃতীয় দিনৰ জেৰাত তদন্তকাৰী সংস্থাটোৱে তিনি ঘণ্টা সময় জেৰা কৰে । ইয়াৰ পূর্বে মঙলবাৰে ছোনিয়া গান্ধীক ৬ ঘণ্টা ধৰি জেৰা কৰা হৈছিল। এনফর্চমেণ্ট সঞ্চালকালয়ৰ বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি তেওঁক সোধা সকলো প্ৰশ্নৰ উত্তৰ “দ্ৰুততাৰে” প্ৰদান কৰিছিল ৷
তেওঁৰ পুত্ৰ তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীকো একেটা গোচৰত পাঁচ দিন জেৰা কৰা হৈছিল ৷ এই সময়ছোৱাত তেওঁক প্ৰায় ১৫০টা প্ৰশ্ন কৰা হৈছিল।জেৰাৰ সময়ত নেশ্যনেল হেৰল্ড কাকত আৰু ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেডৰ সৈতে জড়িত থকাৰ সন্দৰ্ভত ছোনিয়া গান্ধীক প্ৰশ্ন কৰা বুলি জানিব পৰা গৈছে।ইয়ং ইণ্ডিয়ানৰ দুয়োজনেই সংখ্যাগৰিষ্ঠ অংশীদাৰ হোৱাৰ বাবে এনফর্চমেণ্ট সঞ্চালকালয়ে তেওঁৰ বক্তব্য ৰাহুল গান্ধীৰ বক্তব্যৰ সৈতে মিলাই পৰীক্ষা কৰিব বুলি বিষয়াসকলে জনায়।
তিনিওদিনে সোধা-পোছাৰ সময়ত কংগ্ৰেছৰ সভানেত্ৰীগৰাকীক সংগ দিয়ে কন্যা প্ৰিয়ংকা গান্ধী বাদ্ৰাই ৷ তেওঁক সোধা-পোছাৰ বিৰুদ্ধে দিল্লীত প্ৰতিটো দিনতে কংগ্ৰেছে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ কালি দিল্লীৰ মাজমজিয়াত সংসদৰ পৰা বিজয় চ’কলৈ সমদলৰ সময়ত আটক কৰা কংগ্ৰেছ নেতাসকলৰ ভিতৰত আছিল ৰাহুল গান্ধী।