ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ৬২ গৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। দলৰ সভাপতি জগত প্ৰকাশ নাড্ডাৰ অধ্যক্ষতাত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক সমাপ্ত হোৱাৰ এদিন পিছতে এই তালিকা প্ৰকাশ কৰে। সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে দলৰ নিৰ্বাচনী সমিতিৰ আন সদস্যসকল উপস্থিত থাকে ৷ ছেৰাজ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে।
মঙলবাৰে কংগ্ৰেছেও ১২ নৱেম্বৰত হ’বলগীয়া হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে ৪৬ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে।উনা জিলাৰ হাৰোলীৰ পৰা কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা মুকেশ অগ্নিহোত্ৰীয়ে প্ৰতিদ্বন্দিতা কৰিব ৷
ৰাজ্যৰ প্ৰাক্তন কংগ্ৰেছ সভাপতি সুখৱিন্দৰ সিং সুখু আৰু কুলদীপ সিং ৰাথোৰে ক্ৰমে নদাউন আৰু থিওগ সমষ্টিৰ পৰা ৰাজ্যিক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সম্পাদক আশা কুমাৰীক ডালহাউজিৰ আসনৰ পৰা প্ৰক্ষেপ কৰা হৈছে।
যোৱা সপ্তাহত ভাৰতীয় নিৰ্বাচন আয়োগে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছিল। হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে ভোটদান ১২ নৱেম্বৰত হ’ ৷ ৮ ডিচেম্বৰত ভোট গণনা অনুষ্ঠিত হ’ব।১৭ অক্টোবৰৰ পৰা মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ ২৯ অক্টোবৰলৈকে মনোনয়ন প্ৰত্যাহাৰৰ অনুমতি দিয়া হ’ব
২০১৭ চনৰ হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৪৪খন আসন লাভ কৰি কংগ্ৰেছ দলক ২১খন আসনত সীমাবদ্ধ কৰি ৰাখিছিল। বৰ্তমান হিমাচল প্ৰদেশৰ বিধানসভাত বিজেপিৰ ৪৫ জন বিধায়ক আছে, আনহাতে কংগ্ৰেছৰ ২২ জন আৰু চি পি আই (এম)ৰ এজন বিধায়ক আছে।