ভাৰতীয় জনতা পাৰ্টিৰ মেঘালয়ৰ ৰাজ্যিক মুৰব্বী আৰ্নেষ্ট মাউৰীয়ে কয় যে মেঘালয়ত গো-মাংস খোৱাৰ ক্ষেত্ৰত কোনো বাধা নাই আৰু তেওঁ নিজেও গো-মাংস সেৱন কৰে।
সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি আৰ্নেষ্ট মাউৰীয়ে কয়, “আন ৰাজ্যই গ্ৰহণ কৰা প্ৰস্তাৱৰ ওপৰত মই কোনো বক্তব্য দিব নোৱাৰো। আমি মেঘালয়ত আছো, সকলোৱে গো-মাংস খায়, আৰু কোনো বাধা নাই। হয়, মইও গো-মাংস খাওঁ। ইয়াত কোনো নিষেধাজ্ঞা নাই। এইটো ৰাইজৰ জীৱনশৈলী, কোনেও ৰোধ কৰিব নোৱাৰে।ভাৰততো তেনে কোনো নিয়ম নাই।কিছুমান ৰাজ্যই কিছুমান আইন গৃহীত কৰিছে।“
যি সময়ত অসমৰ দৰে বিজেপি শাসিত ৰাজ্যই গো বধ, পৰিবহণ আৰু গো-মাংস বিক্ৰী নিয়ন্ত্ৰণৰ বাবে বিধেয়ক গৃহীত কৰিছিল ৷ বিজেপিক খ্ৰীষ্টান বিৰোধী দল বুলি একাংশ ৰাজনৈতিক দলে উত্থাপন কৰা অভিযোগ নাকচ কৰি মেঘালয় বিজেপিৰ মুৰব্বীগৰাকীয়ে কয় যে এয়া কেৱল “ৰাজনৈতিক অপপ্ৰচাৰ”।
তেওঁ কয়, “এতিয়া দেশত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ৯ বছৰীয়া চৰকাৰ চলি আছে আৰু দেশত কোনো গীৰ্জাকো আক্ৰমণ বা লক্ষ্য কৰি লোৱা হোৱা নাই। বিৰোধী ৰাজনৈতিক দলৰ অভিযোগ যে বিজেপি খ্ৰীষ্টান বিৰোধী দল, হৈছে। আমি মেঘালয়ত আছো – খ্ৰীষ্টান প্ৰধান ৰাজ্য, আৰু সকলোৱে গীৰ্জালৈ যায়। গোৱাতো বিজেপিৰ শাসন চলি আছে আৰু এটাও গীৰ্জাক লক্ষ্য কৰি লোৱা হোৱা নাই। নাগালেণ্ডৰ ক্ষেত্ৰতো একেই। এয়া মাথোঁ কিছুমান ৰাজনৈতিক দল বিশেষকৈ কংগ্ৰেছ, টিএমচি, আনকি ৰাজ্যৰ কিছুমান মিত্ৰ দলৰ দ্বাৰা কৰা ৰাজনৈতিক অপপ্ৰচাৰ। সেয়া সঁচা নহয়। মইও এজন খ্ৰীষ্টান আৰু তেওঁলোকে মোক কেতিয়াও গীৰ্জালৈ নাযাবলৈ কোৱা নাই।’ তেওঁ আৰু কয় যে মেঘালয়ত বিজেপিয়ে পৰৱৰ্তী চৰকাৰ গঠন কৰিব। “এইবাৰ মেঘালয়ৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। আমাৰ সমীক্ষা অনুসৰি আমি দুটা সংখ্যাত যাদুকৰী সংখ্যা পাম আৰু চৰকাৰ গঠন কৰিম।’-আৰ্নেষ্ট মাউৰীয়ে কয়। অহা ২৭ ফেব্ৰুৱাৰীত মেঘালয়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।