প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দলীয় সাংসদসকলৰ বৈঠকত ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বলৈ কি নিৰ্বাচনী মন্ত্ৰ অনুসৰন কৰিব লাগিব সেয়া প্ৰকাশ কৰে ৷ তেওঁ কয় যে যদি দলৰ বিধায়কসকলে ভোটাৰৰ ওচৰলৈ যায় তেন্তে কোনো ধৰণৰ চৰকাৰ বিৰোধী ঢৌৰ সৃষ্টি নহ’ব ৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দলীয় সাংসদসকলে নিজৰ সমষ্টিলৈ গৈ ৰাইজৰ সৈতে সংযোগ স্থাপন কৰিব লাগে।
১ ফেব্ৰুৱাৰীত বাজেট ঘোষণাৰ পিছত বিজেপিৰ প্ৰথমখন সংসদীয় দলৰ বৈঠকত তেওঁ ভাষণ প্ৰদান কৰে । মোদীয়ে কয় যে যদিও পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ পূৰ্বে এইখন শেষ পূৰ্ণাংগ বাজেট, “কোনোৱেই ইয়াক নির্বাচনকেন্দ্ৰিক বাজেট বুলি অভিহিত কৰিব নোৱাৰে ৷
সকলো সাংসদক নিজৰ সমষ্টিলৈ গৈ “বাজেটৰ পৰা কি পাইছে সেই বিষয়ে মানুহৰ সৈতে কথা পাতিবলৈ” পৰামর্শ দিয়ে ৷তেওঁ কয় যে দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলক উপকৃত কৰাটোৱেই বাজেটৰ মুল লক্ষ্য ৷ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ভোটাৰৰ কাষ চপাত গুৰুত্ব আৰোপ কৰিছিল ৷ বিগত মাহত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত তেওঁ দলৰ নেতাসকলক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাবলৈ আহ্বান জনাইছিল ৷
দুদিনীয়া বৈঠকত বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাৰনভিছে তেওঁৰ উদ্ধৃতি দি কয়, “আমাৰ হাতত ৪০০ দিন আছে (বৃহৎ লোকসভা নিৰ্বাচনলৈকে) আৰু আমি ৰাইজৰ সেৱাৰ বাবে সকলো কৰিব লাগিব। ইতিহাস ৰচনা কৰিব লাগিব।”প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ সদস্যসকলক সমাজৰ প্ৰতিটো স্তৰলৈ হাত আগবঢ়াবলৈ কয়। অধিৱেশনত অংশগ্ৰহণ কৰা ৩৫০ জন দলীয় সদস্যক কয় যে বিজেপি এতিয়া কেৱল ৰাজনৈতিক আন্দোলন নহয় বৰঞ্চ আৰ্থ-সামাজিক পৰিস্থিতি সলনিৰ বাবে কাম কৰা এক সামাজিক আন্দোলন।
অহা বছৰৰ নিৰ্বাচনত বিজেপিয়ে একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যকাল বিচাৰিব আৰু দহ বছৰীয়া শাসনকালত চৰকাৰ বিৰোধী আৱেগক অতিক্ৰম কৰাৰ আশা কৰিছে। ডিচেম্বৰ মাহত বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজয়ী হ’বলৈ “কঠিন” লোকসভাৰ আসনৰ সংখ্যা ১৪৪ৰ পৰা ১৬০লৈ বৃদ্ধি কৰিছিল। এই সংযোজনসমূহৰ এটা ডাঙৰ অংশ বিহাৰৰ পৰা আহিছে য’ত ই বেছিভাগ সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ জেডি(ইউ)ৰ সৈতে বিভাজনৰ পিছত নিজাববীয়াকৈ বিজেপিয়ে বিহাৰত নির্বাচনত অৱতীর্ণ হ’ব ।
২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়েও একেধৰণৰ তালিকা প্ৰস্তুত কৰিছিল আৰু ইয়াৰে বহু সংখ্যক আসনত জয়ী হৈছিল। ২০১৯ চনত ৫৪৩ জনীয়া সংসদত ৩০৩খন আসন লাভ কৰাৰ বিপৰীতে ২০১৪ চনত ২৮২খন আসন লাভ কৰিছিল বিজেপিয়ে।