মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ পৰৱৰ্তী বৈঠক ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৷এই বিষয়টো ইতিমধ্যে তৃণমূল নেত্ৰী মমতা বেনাৰ্জীকে ধৰি বিৰোধী মিত্ৰজোঁটৰ এদল নেতাৰ সৈতে আলোচনা কৰা হৈছে। সংশ্লিষ্ট সকলো পক্ষৰ সন্মতিৰ ভিত্তিত অহা সপ্তাহত এই তাৰিখ ঘোষণা কৰা হ’ব।
সূত্ৰ অনুসৰি অহা ৩১ আগষ্টৰ সন্ধিয়াৰ পৰা মুম্বাইৰ বৰিভালি অঞ্চলৰ সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ পোৱাই হ্ৰদৰ পাৰৰ এখন হোটেলত এই বৈঠক আৰম্ভ হ’ব। বাংগালুৰুৰ দৰেই সেই নিশাও হয়তো নৈশ ভোজতে আলোচনা হ’ব পাৰে। ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব মূল বৈঠক। ‘ইণ্ডিয়া’ বৈঠকৰ আয়োজন কৰিছে ‘মহাবিকাশ আঘাড়ী’ মিত্ৰজোঁটৰ তিনিওটা অংশীদাৰ – কংগ্ৰেছ, শিৱসেনা আৰু এনচিপিয়ে।
২৩ জুনত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজৰ সহাঁৰি বিচাৰি পাটনাত ১৫টা বিজেপি বিৰোধী দলৰ শীৰ্ষ নেতাৰ প্ৰথমখন বৈঠকৰ আয়োজন কৰে। ইয়াৰ পিছত ১৭-১৮ জুলাইত কংগ্ৰেছ শাসিত কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত আয়োজন কৰা বৈঠকত ২৬টা দলে অংশগ্ৰহণ কৰে। মিত্ৰজোঁটৰ নতুন নাম ৰখা হয় ইণ্ডিয়া । তাৰ লগে লগে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ মিত্ৰতাৰ অস্তিত্ব কাৰ্যতঃ নিঃশেষ হৈ গ’ল। সূত্ৰৰ পৰা জানিব পৰা মতে, মুম্বাইত অনুষ্ঠিত হোৱা বৈঠকত আন কিছু দলে যোগদান কৰিব পাৰে ৷
অৱশ্যে নতুন মিত্ৰজোঁটৰ অধ্যক্ষ বা আহ্বায়ক পদৰ কোনো নাম ঘোষণা কৰা হোৱা নাই। ছোনিয়া গান্ধী আছিল ইউ পি এৰ অধ্যক্ষ। ১৮ জুলাইত বেংগালুৰুত অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে পৰৱৰ্তী বৈঠকত মহাৰাষ্ট্ৰত “ইণ্ডিয়া”ৰ ১১ জনীয়া সমন্বয় সমিতি গঠন কৰা হ’ব। তদুপৰি পৰৱৰ্তী বৈঠকৰ পূৰ্বে সমিতিৰ সদস্যসকলৰ নাম চূড়ান্ত কৰা হ’ব বুলিও তেওঁ কয়। লগতে তেওঁ কয় যে মহাৰাষ্ট্ৰ বৈঠকত বিশদ পৰ্যালোচনা কৰা হ’ব যাতে সমমনা বিজেপি বিৰোধী দলসমূহে লোকসভা নিৰ্বাচনৰ পূৰ্বে এক উমৈহতীয়া নূন্যতম কাৰ্যসূচীৰে আগবাঢ়ি যাব পাৰে। একে সময়তে বেংগালুৰুত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, “পৰৱৰ্তী বৈঠকত এখন সুকীয়া সমিতি গঠন কৰি উমৈহতীয়া কাৰ্যসূচীৰ সম্ভাৱনা চাব পাৰে।”