কৰ্ণাটকৰ নতুন বিধায়কৰ ৯৭ শতাংশই কোটিপতি। আনহাতে, এই নৱনিৰ্বাচিত বিধায়কৰ ভিতৰত ৫৫ শতাংশৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। এছ’চিয়েশ্যন অৱ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ (এডিআৰ) বিশ্লেষণাত্মক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে এই বিষয়ত শাসকীয় কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ মাজত বিশেষ পাৰ্থক্য নাই। আনকি কোটিপতি হোৱাৰ দৌৰত পিছ পৰি থকা নাই ৰাজ্যৰ তৃতীয় ৰাজনৈতিক শক্তি জেডিএছ!
নিয়ম অনুসৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্বে প্ৰাৰ্থীসকলে শপতনামাৰ আকাৰত নিৰ্বাচন আয়োগক শিক্ষাগত অৰ্হতা, সম্পত্তি আদিৰ বিষয়ে অৱগত কৰে। সেই তথ্য বিশ্লেষণ কৰি এডিআৰে এই প্ৰতিবেদন প্ৰকাশ কৰিছিল। প্ৰতিবেদন অনুসৰি ৰাজ্যৰ ২২৩ জন বিধায়কৰ ভিতৰত ২১৭ জন কোটিপতি! আনকি সেই প্ৰতিবেদনতো কোৱা হৈছে যে ২০১৮ চনত বিধায়কৰ গড় সম্পত্তি আছিল ৩৪.৫৯ কোটি টকা, ২০২৩ চনত ই ৬৪ কোটি টকালৈ বৃদ্ধি পাইছে ৷
১৩৫ জন কংগ্ৰেছ বিধায়কৰ ভিতৰত ১৩২ জন বিধায়ক কোটিপতি। আনহাতে, ৬৬ জন বিজেপি বিধায়কৰ ভিতৰত ৬৩ জন কোটিপতি। ১৯ জন জেডিএছ বিধায়কৰ ভিতৰত ১৮ জন কোটিপতি। নতুন বিধায়কৰ মাত্ৰ দুগৰাকীৰ সম্পত্তি ৫০ লাখ টকাৰ তলৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত থকা কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰে সম্পত্তিৰ ক্ষেত্ৰত শীর্ষস্থানত আছে ৷ তেওঁৰ ঘোষিত সম্পত্তিৰ মূল্য ১৪১৩ কোটি!
আনহাতে এডিআৰৰ প্ৰতিবেদনত কোৱা হৈছে যে নতুন বিধায়কৰ এক তৃতীয়াংশই গুৰুতৰ অপৰাধমূলক দোষী সাব্যস্ত হৈছে। কংগ্ৰেছৰ ৩০ শতাংশ বিধায়ক গুৰুতৰ গোচৰত অভিযুক্ত। এই হাৰ বিজেপিৰ বাবে ৩৫ শতাংশ আৰু জেডিএছৰ ৩৭ শতাংশ।