বিতর্কিত মন্তব্যৰে পুনৰ চর্চালৈ আহিছে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোছিয়াৰী ৷গুজৰাটী আৰু ৰাজস্থানীসকল মহাৰাষ্ট্ৰৰ পৰা আঁতৰি গ’লে ৰাজ্যখনত এটকাও ধন নাথাকিব বুলি কৈ বিতৰ্কৰ আৱর্তত সোমাই পৰিছে ৰাজ্যপালগৰাকী ৷ শুকুৰবাৰে এক ভাষণৰ সময়ত মহাৰাষ্ট্ৰৰ ৰাজ্যপালগৰাকীয়ে কয় –“ যদিহে মহাৰাষ্ট্ৰৰ পৰা বিশেষকৈ মুম্বাই আৰু থানেৰ পৰা গুজৰাটী আৰু ৰাজস্থানীসকলক আঁতৰাই পেলোৱা হয় তেন্তে ইয়াত এটকাও ধন নাথাকিলহেঁতেন ৷ মুম্বাই দেশৰ বিত্তীয় ৰাজধানী হৈ থাকিবও নোৱাৰিলেহেঁতেন।“
#WATCH | If Gujaratis and Rajasthanis are removed from Maharashtra, especially Mumbai and Thane, no money would be left here. Mumbai would not be able to remain the financial capital of the country: Maharashtra Governor Bhagat Singh Koshyari pic.twitter.com/l3SlOFMc0v
— ANI (@ANI) July 30, 2022
শিৱসেনা আৰু কংগ্ৰেছৰ কেইবাজনো নেতাই ৰাজ্যপাল গৰাকীৰ এই মন্তব্যক তীব্ৰ সমালোচনা কৰিছে। শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে আজি এই মন্তব্যক গৰিহণা দি কয় যে ৰাজ্যপালে কঠোৰ পৰিশ্ৰমী মাৰাঠী জনসাধাৰণক অপমান কৰিছে। বিজেপিৰ পৃষ্ঠপোষকতাত মুখ্যমন্ত্ৰী ক্ষমতালৈ অহাৰ কিছু সময়ৰ পিছতে মাৰাঠী লোকসকল অপমানিত হ’বলৈ আৰম্ভ কৰিছে বুলিও ৰাউটে কয়। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু শচীন সাৱন্তেও ৰাজ্যপালগৰাকীয়ে এই মন্তব্য কৰা উচিত নাছিল বুলি কয় ৷