নগাঁও জিলা কংগ্ৰেছত সৃষ্টি হৈছে ৰাজনৈতিক ধুমুহা ৷ দলত্যাগ কৰিছে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই ৷ জিলাখনৰ সভাপতি পদ ত্যাগ কৰাৰ লগতে কংগ্ৰছৰ প্ৰাথমিক সদস্যৰ পদো তেওঁ ত্যাগ কৰা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৷
জানিব পৰা মতে সুৰেশ বৰাই বৃহস্পতিবাৰে নিশা এই ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰে ৷ নিশা বঢ়মপুৰ বিধানসভাৰ মণ্ডল পৰ্যায়ৰ সকলো নেতা আৰু সমষ্টিটোৰ সকলো নেতা কৰ্মীৰ সৈতে তেওঁ মিলিত হয় ৷ ইয়াতেই কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই দলত্যাগকৰাৰ কথা ঘোষণা কৰে ৷ অৱশ্যে এই বিষয়ে নেতা সুৰেশ বৰাই আনুষ্ঠানিকভাৱে কোনো কথা প্ৰকাশ কৰা নাই ৷
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ আছিল সুৰেশ বৰা ৷ তেওঁৰ দৰে এজন নেতাই দলটো ত্যাগ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷