ৰাষ্ট্ৰসংঘৰ সাধাৰণ বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আমেৰিকালৈ উৰা মাৰিছে।ৰাষ্ট্ৰসংঘৰ সাধাৰণ বৈঠকত প্ৰধানমন্ত্ৰী জনে অংশ লোৱাৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ ৱাইডেন,কোৱাড গ্ৰুপৰ নেতা সকলৰ লগতে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ লগতো এলানি বৈঠকত অংশগ্ৰহণ কৰিব।
চৰকাৰী সূত্ৰে প্ৰকাশ যে প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ ৱাইডেনৰ সৈতে হোৱা বৈঠকত আফগানিস্তান প্ৰসংগ আৰু সন্ত্ৰাসবাদৰ প্ৰসংগ সন্দৰ্ভত আলোচনা কৰিব।
প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ এই সময়ছোৱাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী,দেশৰ নিৰাপত্তা উপদেষ্টাকে ধৰি এটা উচ্চ পৰ্যায়ৰ দলে প্ৰধানমন্ত্ৰী জনক সংগ দিব। আমেৰিকা ভ্ৰমণ কৰি অহা ২৬ ছেপ্টেম্বৰত ভাৰতলৈ ঘূৰি আহিব প্ৰধানমন্ত্ৰী মোডী।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে এইকাৰণেই তাৎপৰ্য বহন কৰিছে যে এই আলোচনাত প্ৰধানমন্ত্ৰীজনে আফগানিস্তান আৰু সন্ত্ৰাসবাদ সম্পৰ্কে নিজৰ স্তিতি ব্যক্ত কৰিব।যিহেতু সন্ত্ৰাসবাদ নিৰ্মূলকৰণত ভাৰতে কোনো ধৰণৰ আপোচ নকৰে বুলি ইতিমধ্যে নিজৰ স্তিতি স্পষ্ট কৰিছে।