ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা প্ৰমোদ ছাৱন্তে সোমবাৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। পানাজীৰ ড০ শ্যামা প্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল পি এছ শ্ৰীধৰণ পিল্লাইয়ে তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নীতিন গাডকাৰী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা , হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ,উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাকে ধৰি কেইবাখনো বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী অনুষ্ঠানত উপস্থিত থাকে ৷ প্ৰমোদ ছাৱন্তে ৪০ জনীয়া গোৱা বিধানসভাৰ শেহতীয়াকৈ সমাপ্ত হোৱা নিৰ্বাচনত বিজেপিক ২০ খন আসনত জয়ী কৰোৱাৰ ক্ষেত্ৰত নেতৃত্ব দিছিল।
গোৱাত বিজেপিক তিনিজন নিৰ্দলীয় আৰু মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টিৰ (এম জি পি) দুজন বিধায়কেও সমৰ্থন দিছে ৷ উপকূলীয় ৰাজ্যখনত বিজেপিয়ে একেৰাহে তৃতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰিছে ৷ আজিৰ শপত গ্ৰহণ অনুষ্ঠানত ১০,০০০ তকৈয়ো অধিক লোক উপস্থিত থাকে ৷