শিৱসেনাৰ পিছত এইবাৰ মহাৰাষ্ট্ৰত জেষ্ঠ নেতা শাৰদ পাৱাৰৰ নেতৃত্বাধীন এন চি পিত দলীয় অন্তকর্ন্দল সৃষ্টি কৰিব বিচাৰিছে বিজেপিয়ে। এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ ভতিজা অজিত পাৱাৰৰ সৈতে পদ্ম-শিবিৰৰ ‘যোগাযোগ’ গোপনে আৰম্ভ হোৱা বুলি বিগত কেইমাহমানৰ পৰা জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। মহাৰাষ্ট্ৰ বিধানসভাৰ বিৰোধী দলপতি অজিত পাৱাৰৰ শুকুৰবাৰে নিজৰ চৰকাৰী গাড়ী আৰু অন্যান্য সা-সুবিধা ত্যাগ কৰে। তেওঁৰ দলীয় সকলো কাৰ্যসূচীও বাতিল কৰা হৈছে। এনে পৰিস্থিতিত তেওঁৰ দল সলনিৰ সম্ভাৱনাই এন চি পিত নতুন আশংকাৰ সৃষ্টি কৰিছে।
বিগত সময়তো অজিত পাৱাৰে শাৰদ পাৱাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি বিজেপিৰে হাত মিলাইছিল ৷ অৱশ্যে পাৱাৰৰ ঘনিষ্ঠ এনচিপিৰ ৭জন বিধায়ক হঠাৎ ‘নিৰুদ্দেশ’ হৈ পৰিছে। মুখ্যমন্ত্ৰী একনাথ ছিণ্ডেৰ অযোধ্যা ভ্ৰমণৰ পূৰ্বে এই ঘটনাই মাৰাঠা ৰাজনীতিত এক নতুন টুইষ্ট আনিব বুলি ৰাজনীতিবিদৰ এটা অংশই অনুভৱ কৰিছে।
একনাথ ছিণ্ডেৰ বিদ্ৰোহে শিৱসেনা ভাঙি পেলোৱাৰ পিছত উদ্ধৱ থাকৰে মুখ্যমন্ত্ৰীৰ পদ হেৰুৱাই ৷ বিগত জুলাই মাহত দলটোৰ সংসদীয় নেতা হিচাপে বিৰোধী দলটোৰ নেতা হৈছিল অজিত পাৱাৰ । তাৰ আগতে তেওঁ উদ্ধৱ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী আছিল। যদি তেওঁ দল ত্যাগ কৰে তেন্তে এন চি পি সংকটৰ সন্মুখীন হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।
যোৱা ডিচেম্বৰ মাহত এন চি পিৰ ৰাষ্ট্ৰীয় কংগ্ৰেছত পুনৰ সভাপতি পদলৈ নিৰ্বাচিত হৈছিল শাৰদ। সেই সময়ত শাৰদ পাৱাৰৰ ভাষণৰ মাজতে অজিত পাৱাৰে সভাৰ পৰা ওলাই আহিল। দৰাচলতে তেতিয়াৰ পৰাই মাৰাঠা ৰাজনীতিত তেওঁ এন চি পি ত্যাগ কৰাৰ সম্ভাৱনাক লৈ জল্পনা-কল্পনা চলি আহিছে।
প্ৰসংগক্ৰমে ২০১৯ৰ বিধানসভা নিৰ্বাচনৰ পিছতো এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ ভতিজা অজিত পাৱাৰ হৈ পৰিছিল ‘বিদ্ৰোহী’। বিজেপিৰ দেৱেন্দ্ৰ ফাৰনবিছে তেওঁৰ সমৰ্থনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অজিত উপ-মুখ্যমন্ত্ৰী হৈছিল। কিন্তু এন চি পিয়ে সংসদীয় দলৰ বিভাজন ৰোধ কৰিব নোৱাৰাৰ বাবে দুয়োজনে ৮০ ঘণ্টাৰ ভিতৰত পদত্যাগ কৰিবলগীয়া হয়। অজিতে পুনৰ শাৰদ পাৱাৰৰ শিবিৰত আশ্ৰয় ল’লে। শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে নেতৃত্বাধীন মহাবিকাশ আঘাড়ী মিত্ৰজোঁটৰ চৰকাৰত শাৰদ পাৱাৰে তেওঁক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।