আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক গোট নহয়, ৰাজনৈতিক সূত্ৰ অনুসৰি জি ৮ নামেৰে নামাকৰণ কৰা এটা বিৰোধী ৰাজনৈতিক গোটে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছক গুৰুত্ব নিদিয়াকৈ নিজৰ মাজত সমন্বয় স্থাপন কৰিবলৈ আৰম্ভ কৰিছে। এই জি-৮ত ৭ জন অকংগ্ৰেছী মুখ্যমন্ত্ৰী আৰু ১ জন উপ-মুখ্যমন্ত্ৰী আছে। কালি মেঘালয়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তৃণমূল কাৰ্যতঃ বিজেপিৰ ‘এজেণ্ট’ বুলি কোৱাৰ পিছতে মমতা বেনাৰ্জীৰ দল আৰু জি-৮ দল অধিক তৎপৰ হৈ পৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি এই জি-৮ দলটোত আছে—মমতা বেনাৰ্জী, নীতিশ কুমাৰ, এম কে ষ্টেলিন, হেমন্ত ছ’ৰেন, অৰবিন্দ কেজৰিৱাল, ভাগৱন্ত মান, কে চন্দ্ৰশেখৰ ৰাও আৰু তেজস্বী যাদৱ। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই নেতাসকলে নিজৰ মাজতে বিৰোধী কৌশল সম্পৰ্কে আলোচনা কৰাৰ পিছত অলপতে কংগ্ৰেছক এক কঠোৰ বাৰ্তা প্ৰদান কৰিছিল । তেওঁ কংগ্ৰেছ নেতৃত্বক কয় “আমাৰ কথা শুনিলে বিজেপি ১০০খন আসনতে আবদ্ধ হৈ পৰিব। আঞ্চলিক দলসমূহৰ লগত কথা পাতক, নহ’লে আমি নিজাববীয়াকৈ থাকিম।”
সূত্ৰ অনুসৰি মাৰ্চ মাহৰ মাজভাগত মমতাই সাক্ষাৎ কৰিব সাংসদ নেতা অখিলেশ সিং যাদৱক ৷তৃণমূলে এপ্ৰিল মাহত বি আৰ এছ (তেলেংগানা ৰাষ্ট্ৰ সমিতি এতিয়া ভাৰত ৰাষ্ট্ৰ সমিতি) নেতা কে চন্দ্ৰশেখৰ ৰাৱে আহ্বান জনোৱা কংগ্ৰেছ বিৰোধী সমাৱেশৰ বাবে তেলেংগানালৈ প্ৰতিনিধি প্ৰেৰণ কৰিব পাৰে। ৰাৱে এই বিষয়ে মমতাৰ লগত কথা পাতিছে। প্ৰসংগক্ৰমে যোৱা বছৰ ৰাৱে আহ্বান কৰা বিৰোধী ৰেলীলৈ মমতাই কোনো প্ৰতিনিধি প্ৰেৰণ কৰা নাছিল।
অহা ১৭ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ কলকাতাৰ এখন হোটেলত অনুষ্ঠিত হ’ব এছ পিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠক। আলোচনাৰ বিষয় হৈছে ২৪ সংখ্যক লোকসভা নিৰ্বাচনৰ কৌশল। দলৰ নৱনিৰ্বাচিত উপ-সভাপতি কিৰণময় নন্দই এই খবৰ দিল্লীত অৱগত কৰি কয় যে, “অখিলেশে তৃণমূল নেতাৰ সৈতে ২৪ বিৰোধী সমন্বয়ৰ কৌশলৰ ওপৰত বৈঠকত মিলিত হ’ব।
তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ নেতা ডেৰেক অ’ব্ৰাইনে কয়, “মেঘালয়ৰ নিৰ্বাচনী প্ৰচাৰৰ কথা ভাবি ৰাহুল গান্ধীয়ে সেই মন্তব্য কৰাটো সঠিক, কিন্তু ইয়াৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধী মিত্ৰজোঁটৰ পৰা তেওঁৰ দল বিচ্ছিন্ন হৈ পৰিছে। কংগ্ৰেছৰ কোনো ৰাজ্যতে মিত্ৰতা নথকা আপ, এছ পি, বি আৰ এছৰ দৰে দলবোৰে তাৰ ফলত ওচৰ চাপি অহাৰ সুযোগ পালে। “ ডেৰেকে দাবী কৰে যে ২ মাৰ্চৰ মেঘালয়ৰ ফলাফলৰ পিছত যদি সেই ৰাজ্যত কংগ্ৰেছতকৈ তৃণমূলে অধিক আসন লাভ কৰা দেখা যায়, তেন্তে ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ অবিহনে বিৰোধী মিত্ৰজোঁট অধিক শক্তিশালী হ’ব।