অসমৰ উত্তৰ মণ্ডলৰ বিজেপিৰ অন্যতম শীর্ষ নেতা উদয় শংকৰ হাজৰিকাই আজি কংগ্ৰেছ দলত যোগদান কৰে ৷ তেওঁ বিজেপিৰ ৰাজ্যিক সম্পাদক হিচাপেও সেৱা আগবঢ়াইছিল ৷ ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত তেওঁ কগ্ৰেছত যোগদান কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইনকে ধৰি বৃহৎ সংখ্যক কংগ্ৰেছ নেতা যোগদান কার্যসূচীত উপস্থিত থাকে ৷
এসময়ত আছুৰ নেতা হিচাপে সেৱা আগবঢ়োৱা হাজৰিকাই বিভিন্ন সামাজিক আৰু ৰাজনৈতিক সংগঠনত বহু গুৰুত্বপূৰ্ণ পদবীৰ দায়িত্ব পালন কৰিছিল ।১৯৯৮,৯৯ আৰু ২০০৪ চনত তেওঁ লখিমপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল।
জিতেন্দ্ৰ সিঙে তেওঁক দললৈ আদৰণি জনাই দলত কাম কৰাৰ পৰ্যাপ্ত সুযোগ প্ৰদান কৰাৰ আশ্বাস দিয়ে। ভূপেন বৰাই তেওঁক দললৈ আদৰণি জনোৱাৰ সময়ত তেওঁৰ সাহস আৰু বিজেপিৰ বিৰুদ্ধে কাম কৰাৰ ইচ্ছাক প্ৰশংসা কৰে ৷