মঙলবাৰে মস্কোত উপস্থিত হয় চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং। এই তিনিদিনীয়া ৰাছিয়া ভ্ৰমণৰ সময়ত তেওঁ সেই দেশৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনক সাক্ষাৎ কৰিব । আনহাতে, মঙলবাৰে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিডাই ইউক্ৰেইনৰ কিয়েভত উপস্থিত হৈছে ৷
জিৰ মস্কো ভ্ৰমণৰ মাত্ৰ কেইদিনমান পূৰ্বে আন্তৰ্জাতিক ফৌজদাৰী আদালতে পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। কোৱা হৈছিল যে আদালতৰ অধীনৰ যিকোনো দেশত ভৰি দিলে পুটিনক গ্ৰেপ্তাৰ কৰা হ’ব। পুটিনে আদালতৰ এই পৰোৱানাক তিলমাত্ৰও গুৰুত্ব প্ৰদান কৰা নাই ৷ চীনেও যে এই নির্দেশক গুৰুত্ব দিয়া নাইসেয়া জি জিনপিঙৰ মস্কো ভ্ৰমণৰ সময়ত স্পষ্ট হৈ পৰিল।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰায় ১৩ মাহ পাৰ হৈ গ’ল। ভাৰতৰ দৰে বেইজিঙেও এতিয়ালৈকে ৰাষ্ট্ৰসংঘত যুদ্ধৰ সৈতে জড়িত মানৱ অধিকাৰৰ প্ৰস্তাৱত মস্কোৰ বিৰুদ্ধে ভোটদানৰ পৰা বিৰত আছে। কিন্তু সোমবাৰে মস্কোলৈ তিনিদিনীয়া ভ্ৰমণত জিয়ে স্পষ্টকৈ কয় যে তেওঁলোকে ৰাছিয়াৰ কাষত থিয় দিছে। মস্কো ভ্ৰমণৰ লক্ষ্য হৈছে শান্তি প্ৰতিষ্ঠা।
আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে সন্দেহ কৰিছে যে চীনে গোপনে অস্ত্ৰ যোগান ধৰি ৰাছিয়াৰ হাত শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে। ইউক্ৰেইনে কয় যে ইয়াৰ প্ৰমাণ এতিয়াও পোৱা হোৱা নাই।
জাপানৰ প্ৰধানমন্ত্ৰীয়ে এই যুদ্ধত ইউক্ৰেইনৰ কাষত থিয় দিয়াৰ বাৰ্তা দিছে। অৱশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গ্ৰহণ কৰা শান্তি নীতিৰ বাবে টকিঅ’ই কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ প্ৰদান নকৰে।
আজি কিছিদাক পোলেণ্ডৰ পৰা ইউক্ৰেইনলৈ যোৱা ৰেলত ভ্ৰমণ কৰি থকা দেখা যায় ৷ প্ৰশাসনৰ সূত্ৰ অনুসৰি কিশ্বিদাই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে কিয়েভত সাক্ষাৎ কৰিব। জেলেনস্কিৰ নেতৃত্বত ১৩ মাহৰ যুদ্ধৰ বাবে ইউক্ৰেইনৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিব জাপানৰ প্ৰধানমন্ত্ৰীয়ে।
কিছিদাৰ কিয়েভ ভ্ৰমণ কেৱল জাপানৰ প্ৰধানমন্ত্ৰী হিচাপেই নহয়, জি-৭ গ্ৰুপৰ অধ্যক্ষ হিচাপেও। শেহতীয়াকৈ জাপানে দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনে নিজৰ আধিপত্য প্ৰকাশ কৰাৰ ধৰণটো ভালদৰে দেখা নাই। চীনে জাপানৰ সংলগ্ন অঞ্চলত ৰাছিয়াৰ সৈতে সামৰিক অনুশীলন চলাইছে। টাইৱানৰ ওপৰত চীনৰ আগ্ৰাসনৰ ক্ষেত্ৰতো জাপানে বিপদ দেখিছে। এই ভ্ৰমণত জাপানে চীনক এই বাৰ্তা দিব বিচাৰিছে, যে জাপানে ইউক্ৰেইনৰ মাটিত ৰাছিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে আমেৰিকা আৰু ইউৰোপীয় দেশসমূহৰ সৈতে থিয় দিছে।