VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

স্বর্ণিল মুহুর্তলৈ অপেক্ষা মাথো কেইঘণ্টামানৰ, চন্দ্ৰত নিৰাপদ অৱতৰণৰ বাবে মসৃণ পৃষ্ঠৰ সন্ধান চলাইছে লেণ্ডাৰ বিক্ৰমে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 21, 2023
in বিজ্ঞান
স্বর্ণিল মুহুর্তলৈ অপেক্ষা মাথো কেইঘণ্টামানৰ, চন্দ্ৰত নিৰাপদ অৱতৰণৰ বাবে মসৃণ পৃষ্ঠৰ সন্ধান চলাইছে লেণ্ডাৰ বিক্ৰমে
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰি ইতিহাস ৰচনা কৰাৰ সময় সমাগত ৷ ইছৰোৱে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ আৰু মাত্ৰ কেইঘণ্টামানহে বাকী ৷  ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ দ্বাৰা নিৰ্মিত চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ একেবাৰে কাষত অৱস্থান কৰিছে ৷  অহা বুধবাৰে সন্ধিয়া ভাৰতীয় সময় অনুসৰি ঠিক ৬:০৪ বজাত  চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযানখনে ৷  কিন্তু এই লেণ্ডিং ক’ত হ’ব? চন্দ্ৰৰ দক্ষিণ মেৰুৰ দুৰ্গম গহ্বৰযুক্ত মাটিৰ পৰিৱর্তে অৱতৰণৰ বাবে  বিক্ৰমক তুলনামূলকভাৱে মসৃণ মাটিৰ প্ৰয়োজন। বৰ্তমান ইছৰোৱে সেই মসৃণ পৃষ্ঠৰ সন্ধান অব্যাহত ৰাখিছে ৷

 

সোমবাৰে ইছৰ’ই প্ৰকাশ কৰিছে চন্দ্ৰৰ আন কেইখনমান ছবি। চন্দ্ৰত ভৰি দিয়াৰ আগতে বিক্ৰমে নিৰাপদ অৱতৰণ স্থান বিচাৰিছে। ইছৰোৰ কেমেৰাৰ দ্বাৰা তোলা ছবিসমূহ ইছৰোৱে প্ৰকাশ কৰিছে ৷

 

এটা টুইটত ইছৰোৱে লিখিছে, “এইবোৰ চন্দ্ৰৰ যথেষ্ট দূৰৈৰ ছবি। এই ছবিসমূহ বিক্ৰমৰ ভিতৰত থকা লেণ্ডাৰ হেজাৰ্ড ডিটেকচন এণ্ড এভয়ডেন্স কেমেৰা (এল এইচ ডি এ চি)ৰ দ্বাৰা তোলা হৈছে। এই বিশেষ কেমেৰাই চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰিবলৈ নিৰাপদ স্থান বিচাৰি উলিওৱাত সহায় কৰে।”

 

Chandrayaan-3 Mission:

Here are the images of
Lunar far side area
captured by the
Lander Hazard Detection and Avoidance Camera (LHDAC).

This camera that assists in locating a safe landing area — without boulders or deep trenches — during the descent is developed by ISRO… pic.twitter.com/rwWhrNFhHB

— ISRO (@isro) August 21, 2023


চন্দ্ৰৰ ভূমিত শিল সিঁচৰতি হৈ আছে। সৰু-ডাঙৰ গহ্বৰো আছে। ওখ টিলাবোৰো অৱতৰণত বাধা হৈ পৰিব পাৰে। ইছৰোৰ প্ৰধান লক্ষ্য হৈছে শিল বা গাঁত এৰাই চলি তুলনামূলকভাৱে খালী স্থান  চিনাক্ত কৰা। ইয়াৰ পিছত বিক্ৰমক তাতেই অৱতৰণ কৰা হ’ব।

 

বুধবাৰে সন্ধিয়া চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে চৰাইৰ  দৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব ৷চন্দ্ৰ অভিযানৰ এই পৰ্যায়টোৱেই আটাইতকৈ কঠিন বুলি ধৰা হয়। চাৰিবছৰ পূৰ্বে এই পৰ্যায়ত বিফল হৈছিল চন্দ্ৰযান-২। অৱশ্যে এইবাৰ এনে কোনো সম্ভাৱনা নাই বুলি দাবী কৰিছে ইছৰোৰ। কোনো ডাঙৰ বিপৰ্যয় নহ’লে অতি সোনকালে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব বিক্ৰমে। সমগ্ৰ দেশে এই মধুৰ ক্ষণলৈ অপেক্ষা কৰি আছে ৷

Previous Post

ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ

Next Post

নগাঁৱত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন,শৰ্মিষ্ঠা প্ৰীতমক “ভিউফাইণ্ডাৰ বঁটা” প্ৰদান

Related Posts

চন্দ্ৰত মহাকাশচাৰীক জীয়াই ৰাখিব পাৰা শক্তিৰ উৎস উদ্ভাৱন বিজ্ঞানীৰ
বিজ্ঞান

চন্দ্ৰত মহাকাশচাৰীক জীয়াই ৰাখিব পাৰা শক্তিৰ উৎস উদ্ভাৱন বিজ্ঞানীৰ

September 10, 2023
সূর্য্য অভিমুখী আদিত্য-এল১-এ তুলিলে ছেলফি , লগতে তুলিলে পৃথিৱী আৰু চন্দ্ৰৰ ফটো
বিজ্ঞান

সূর্য্য অভিমুখী আদিত্য-এল১-এ তুলিলে ছেলফি , লগতে তুলিলে পৃথিৱী আৰু চন্দ্ৰৰ ফটো

September 7, 2023
চন্দ্ৰৰ পাছত লক্ষ্য সূর্য্যঃ ইছৰোৱে সফলতাৰে উৎক্ষেপন কৰিলে আদিত্য-এল১, কেনেদৰে ই কৰিব অধ্যয়ন !!
বিজ্ঞান

চন্দ্ৰৰ পাছত লক্ষ্য সূর্য্যঃ ইছৰোৱে সফলতাৰে উৎক্ষেপন কৰিলে আদিত্য-এল১, কেনেদৰে ই কৰিব অধ্যয়ন !!

September 2, 2023
বিক্ৰম লেণ্ডাৰৰ হাই ৰিজ’লিউশ্বন কেমেৰা প্ৰস্তুত কৰিছিল ধেমাজিৰ বিজ্ঞানী অনুজ নন্দীয়ে, জন্মগাঁৱত আনন্দৰ লহৰ
বিজ্ঞান

বিক্ৰম লেণ্ডাৰৰ হাই ৰিজ’লিউশ্বন কেমেৰা প্ৰস্তুত কৰিছিল ধেমাজিৰ বিজ্ঞানী অনুজ নন্দীয়ে, জন্মগাঁৱত আনন্দৰ লহৰ

August 29, 2023
নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,
বিজ্ঞান

নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,

August 22, 2023
চলিত মাহতে আন এক বিৰল মহাজাগতিক পৰিঘটনা, একেটা মাহতে দ্বিতীয়বাৰৰ বাবে দেখা যাব ব্লুমুন
বিজ্ঞান

চলিত মাহতে আন এক বিৰল মহাজাগতিক পৰিঘটনা, একেটা মাহতে দ্বিতীয়বাৰৰ বাবে দেখা যাব ব্লুমুন

August 17, 2023
Next Post
নগাঁৱত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন,শৰ্মিষ্ঠা প্ৰীতমক “ভিউফাইণ্ডাৰ বঁটা” প্ৰদান

নগাঁৱত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন,শৰ্মিষ্ঠা প্ৰীতমক "ভিউফাইণ্ডাৰ বঁটা" প্ৰদান

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7