আন এক মহজাগতিক পৰিঘটনাৰ সন্মুখীন হ’ব আমি বাস কৰা গ্ৰহ পৃথিৱী ৷ মহাকাশ বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে এটা বিশাল গ্ৰহাণু পৃথিৱীৰ ফালে আহি আছে। আমেৰিকান মহাকাশ সংস্থা নাছা (নেচনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন)ৰ মতে নিৰীক্ষণ কৰি থকা, বিশাল মহাকাশ গ্ৰহাণুটোৱে অহা ১৬ মে’ৰ নিশা ২.৪৮ বজাত পৃথিৱীৰ ওচৰেৰে পাৰ হৈ যাব ৷
নাছাই প্ৰকাশ কৰা অনুসৰি গ্ৰহাণুটো ১,৬০৮ ফুট বহল। ই আইফেল টাৱাৰতকৈও ডাঙৰ আৰু ষ্টেচু অফ লিবাৰ্টিতকৈয়ো ওখ ৷ বিজ্ঞানীসকলৰ মতে গ্ৰহাণুটোৱে পৃথিৱীত আঘাত কৰিলে বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু মহাকাশ বিজ্ঞানীসকলৰ গণনা অনুসৰি ই পৃথিৱীৰ পৰা প্ৰায় ২.৫ নিযুত মাইল দূৰত্বৰে অতিক্ৰম কৰিব ৷
যদিও ই এক বৃহৎ দূৰত্ব যেন লাগে মহাকাশৰ ক্ষেত্ৰত সেয়া কোনো বৃহৎ দুৰত্ব নহয় ৷ যাৰ বাবে নাছাই ইয়াক যথেষ্ট নিকটৱর্তী পৰিঘটনা হিচাপে আখ্য দিছে ৷ ইয়াৰ পূর্বেও এই ৩৮৮৯৪৫ গ্ৰহাণুটোৱে ২০২০ চনৰ মে মাহত পৃথিৱীৰ অতি ওচৰৰ পৰা পাৰ হৈছিল ৷ সেই সময়ত ১.৭ নিযুত মাইল দূৰত্বৰে পাৰ হৈছিল গ্ৰহাণুটো ৷ ।
মহাকাশ বিজ্ঞানীসকলৰ মতে এই গ্ৰহাণুটোৱে সূৰ্যক প্ৰদক্ষিণ কৰোঁতে প্ৰতি দুবছৰত নিয়মীয়াকৈ পৃথিৱীক অতিক্ৰম কৰে ৷ পৰৱৰ্তী সময়ত ই ২০২৪ চনৰ মেত পৃথিৱীৰ ওচৰেৰে পাৰ হ’ব ৷ গ্ৰহাণুটো পুনৰ ২১৬৩ চনৰ মে মাহত পৃথিৱীৰ ওচৰলৈ আহিব।যদি এটা গ্ৰহাণু পৃথিৱীৰ পৰা ৪.৬৫ নিযুত মাইলৰ ভিতৰলৈ আহে আৰু এক নিৰ্দিষ্ট আকাৰতকৈ অধিক হ’লে মহাকাশ সংস্থাবোৰে “সম্ভাৱ্য বিপদজনক” বুলি গণ্য কৰে।