বহুতেই হয়তো জানে যে অবিশ্বাস্যভাৱে বিৰল প্ৰাগঐতিহাসিক এই শ্বাৰ্কটোৱে বহুদিনৰ আগতে বাতৰিৰ শিৰোনাম দখল কৰিছিল, যেতিয়া গৱেষকসকলে পৰ্তুগীজ উপকূলৰ ওচৰত ইয়াৰ এটা নমুনা সংগ্ৰহ কৰিছিল। তেওঁলোক এই ক্ষেত্ৰত স্পষ্ট নাছিল বা তেওঁলোকৰ ধাৰণা নাছিল যে এই প্ৰজাতিটো কেনেকৈ ইমান দিন জীয়াই থাকিবলৈ সক্ষম হৈছে ৷ কিন্তু এই ফ্ৰিলড শ্বাৰ্কটো দেখাত সঁচাকৈয়ে এনেকুৱা লাগিছিল যেন ই বহু আগৰ পৰাই ইয়াত আবদ্ধ হৈ আছে।
অৱশ্যে ইয়াৰে কিমান বৰ্তমান সাগৰত আছে তাক সঠিকভাৱে জনা নাযায় ৷ যিহেতু ইহঁতক কমকৈহে দেখা পোৱা যায়, গতিকে ইহঁতৰ জনসংখ্যা অনুমান কৰাটো প্ৰায় অসম্ভৱ৷ দৰাচলতে ১৯ শতিকাৰ দ্বিতীয়াৰ্ধত এই শ্বাৰ্ক আৱিষ্কাৰ হোৱাৰ পিছতো ২০০৪ চনলৈকে বিজ্ঞানীসকলে এই শ্বাৰ্কক ইয়াৰ প্ৰাকৃতিক বাসস্থানত দেখা পোৱা নাছিল।
৩৯০ৰ পৰা ৪,২০০ ফুট তলত নাইবা ইয়াতকৈও গভীৰত বাস কৰা সাপৰ দৰে মূৰ আৰু ভয়ানক দাঁত থকা এই শ্বাৰ্কৰ সন্মুখীন হোৱাটো যথেষ্ট কঠিন ৷ ইহঁতক বিশ্বৰ কিছুমান বিশেষ বিশেষ অঞ্চলতহে পোৱা যায় ৷ সাধাৰণতে জাপানৰ চুৰুগা উপসাগৰ, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ উপকূলৰ ওচৰত বা নৰৱে আৰু নামিবিয়াৰ মাজৰ আটলাণ্টিক মহাসাগৰত দেখা পোৱা যায় এই ফ্ৰিল্ড শ্বাৰ্ক।
২০০৭ চনত জাপানৰ আৱাছিমা মেৰিন পাৰ্কত তোলা এটা ভিডিঅ’ত এটা ফ্ৰিলড শ্বাৰ্ক দেখা গৈছিল, যাক ৮ কোটি বছৰ আগৰ প্ৰজাতি হোৱা বাবে জীৱন্ত জীৱাশ্ম বুলিও কোৱা হয়। কিন্তু এই ফ্ৰিলড শ্বাৰ্কৰ আয়ুস প্ৰায় ২৫ বছৰ। আনহাতে ২০২১ চনৰ জুলাই মাহত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰচাৰিত হৈছিল য’ত জাপানৰ উপকূলত আৱিষ্কাৰ হোৱা ৮০ মিলিয়ন বছৰীয়া পুৰণি প্ৰজাতিৰ এটা ফ্ৰিল্ড শ্বাৰ্ক দেখা পোৱা গৈছিল ৷