আকাশত ৰাতিৰ আন্ধাৰৰ মাজেৰে পোহৰৰ বিন্দু এটা জিলিকি উঠিব। নিশাৰ আকাশত দেখা যাব লাইৰিড উল্কা ৷ ১৫ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ দেখা যাব ইয়াক ৷ বিশেষজ্ঞসকলে কয় যে এইবোৰ সমগ্ৰ বিশ্বতে দেখা পোৱা যাব। ২১ এপ্ৰিল আৰু ২২ এপ্ৰিলত সৰ্বোত্তমভাৱে দেখা যায়।
আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ তথ্য অনুসৰি লাইৰিড উল্কাপিণ্ডৰ দ্ৰুত গতি আৰু উজ্জ্বলতাৰ বাবে সুনাম আছে। পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ যোৱাৰ লগে লগে ইহঁতৰ ধূলিৰ আৱৰণবোৰ জ্বলি শেষ হৈ যাব, কেতিয়াবা জুইৰ গোলৰ ৰূপ ল’ব। বিগত ২৭০০ বছৰ ধৰি লাইৰিড উল্কাপিণ্ড দৃশ্যমান হৈ আছে। ইহঁতৰ জন্ম লাইৰা নক্ষত্ৰমণ্ডলৰ পৰা, সেয়েহে ইয়াৰ নাম লাইৰিড। লাইৰিড হৈছে থেচাৰ নামৰ ধুমকেতুৰ পৰা ওলোৱা ধ্বংসাৱশেষৰ অংশ। এই মুহূৰ্তত থেচাৰেও সৌৰ জগতৰ মাজেৰে পাৰ হৈ গৈছে। থেচাৰে ৪১৫ বছৰত এবাৰ সূৰ্য্যক প্ৰদক্ষিণ কৰে।
ৰাতি লাইৰিডক সৰ্বোত্তম ৰূপত দেখা যায়। এইবাৰ নিশা ১০:৩০ বজাৰ পৰা ই দৃশ্যমান হ’ব । বিশেষজ্ঞসকলৰ মতে, চন্দ্ৰ আকাশত নথকা সময়ত প্ৰতি ঘণ্টাত ১০ৰ পৰা ১৫টা উল্কাপিণ্ড দেখা যাব। কপাল ভাল হ’লে অৱশ্যে প্ৰতি ঘণ্টাত ১০০টা উল্কাপিণ্ড দেখা পাব আপুনি ৷