চীনৰ মহাকাশযান চাং-৬ চন্দ্ৰত শেহতীয়াকৈ সফলতাৰে অৱতৰণ কৰে। চীনৰ ৰভাৰখন চন্দ্ৰৰ আন্ধাৰ ফালে অৰ্থাৎ পৃথিৱীৰ পৰা দেখা নোপোৱা ফালে অৱতৰণ কৰিছে। চীনৰ মহাকাশ গৱেষণা সংস্থা (CNSA)ৰ মতে, এই অভিযানৰ উদ্দেশ্য হৈছে চন্দ্ৰৰ দূৰৈৰ ফালৰ পৰা মাটি আৰু শিলৰ নমুনা সংগ্ৰহ কৰা। যিটো আগতে পৃথিৱীৰ কোনো দেশেই কৰিব পৰা নাছিল । এই অভিযানত যদি চীনে সফল হয় তেন্তে সেয়া হ’ব বিশ্বৰ ভিতৰতে প্ৰথম।
চন্দ্ৰৰ দক্ষিণ মেৰুৰ গভীৰ উপত্যকাত অৱতৰণ কৰে চীনৰ চাং-৬-এ। যোৱা দেওবাৰে পুৱা ৬:২৩ বজাত (ভাৰত সময়) অৱতৰন কৰে মহাকাশযানখনে । অৱশ্যে এই অভিযানৰ ১০০ শতাংশ সফলতাৰ বাবে উন্নত কাৰিকৰী আন্তঃগাঁথনিৰ প্ৰয়োজন আছে বুলি চীনে প্ৰকাশ কৰিছে ।
চীনে দ্বিতীয়বাৰৰ বাবে চন্দ্ৰৰ অন্ধকাৰ ফালে মহাকাশযান সফলতাৰে অৱতৰণ কৰিবলৈ সক্ষম হৈছে । অঞ্চলটো অধিক গাঁত, খাদ আৰু ঠেক শিলেৰে আগুৰি আছে। গতিকে মহাকাশযানৰ চলাচলত যথেষ্ট বাধা আহিব পাৰে ।
৩ মে’ত দক্ষিণ চীনৰ হাইনান প্ৰদেশৰ পৰা লং মাৰ্চ ৫ ৰকেটত চাং-৬ মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল। কেইসপ্তাহমানৰ ভিতৰতে ই চন্দ্ৰৰ কক্ষপথত উপনীত হয়। দেওবাৰে সফল হয় অৱতৰণ। চাং-৬ য়ে চন্দ্ৰৰ মাটি খান্দিবলৈ বেলচা আৰু ড্ৰিল ব্যৱহাৰ কৰিব বুলি চীনৰ সংস্থাটোৱে প্ৰকাশ কৰিছে। তেওঁলোকে কমেও দুই কিলোগ্ৰাম চন্দ্ৰৰ পদাৰ্থ (মাটি, শিল, ধূলি) পৃথিৱীলৈ ঘূৰাই অনাৰ পৰিকল্পনা কৰিছে। ২৫ জুনৰ ভিতৰত চীনৰ চন্দ্ৰযান পৃথিৱীলৈ ঘূৰি অহাৰ কথা।
চীনৰ এই অভিযানত বহু দেশ জড়িত হৈ আছে। পাকিস্তান, ফ্ৰান্স, ইটালী আৰু ছুইডেন এই অভিযানৰ সৈতে জড়িত ৷ফলত সেই দেশসমূহেও চীনৰ সমান্তৰালভাৱে এই অভিযানৰ সফলতাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে। চীনৰ এই অভিযানৰ সহায়ত পাকিস্তানে প্ৰথম উপগ্ৰহ চন্দ্ৰলৈ প্ৰেৰণ কৰে। যদি এই অভিযান সফল হয় তেন্তে অনাগত দিনত চীনে চাং-৭ আৰু চাং-৮ অভিযানৰ পৰিকল্পনা কৰিছে। প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ লক্ষ্য হৈছে চন্দ্ৰৰ দক্ষিণ মেৰু, যিটো পৃথিৱীৰ মানুহৰ বাবে তুলনামূলকভাৱে অজ্ঞাত আৰু সম্ভাৱনা কম।