নেৰানেপেৰাকৈ দিয়া বৰষুণত আমি প্ৰায়ে অস্বস্তি পাও ৷ তদুপৰি বেছিকৈ দিয়া বৰষুণে সৃষ্টি কৰা কৃত্ৰিম বান- বাঢ়নী পানীয়েও জটিল পৰিস্থিতিৰ সৃষ্টি কৰে ৷ কিন্তু আমি যদি বৰ্তমান নেপচুন বা ইউৰেনাছ গ্ৰহত থাকিলোঁহেঁতেন, তেন্তে আমি বৰষুণৰ লগে লগে অতি সুখী আৰু ধনী হ’লোহেঁতেন ৷ কিয়নো এই দুটা গ্ৰহত হীৰাৰ বৰষুণ হয় ৷ অর্থাৎ দুয়োটা গ্ৰহত বৰষুণ দিলে পানীৰ টোপালৰ সলনি হীৰাৰ টুকুৰা পৰে ৷
উল্লেখ্য যে ইউৰেনাছ আৰু নেপচুনৰ মাজত থকা আকৰ্ষণীয় সাদৃশ্যৰ বাবে এই দুটা গ্ৰহক প্ৰায়ে ভাতৃ বুলি কোৱা হয়। বায়ুমণ্ডলত যথেষ্ট পৰিমাণৰ মিথেন থকাৰ বাবে গ্ৰহ দুটাৰ ৰঙ নীলা ৷ কাৰ্বন মিথেনৰ এটা উপাদান ৷ এই দুটা গ্ৰহৰ উষ্ণতা আৰু চাপ ইমানেই বেছি যে কাৰ্বন পৰমাণুবোৰ গ্ৰহ দুটাৰ বায়ুমণ্ডলত হীৰালৈ ৰূপান্তৰিত হয় ৷
নাওমি ৰ’ গার্ণি নামৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী গৰাকীয়ে কয় -“ মিথেনত কাৰ্বন থাকে আৰু কাৰ্বন প্ৰাকৃতিকভাৱে উদ্ভৱ হোৱাৰ লগতে মই পৰীক্ষা কৰাতকৈ যথেষ্ট গভীৰ বায়ুমণ্ডলত সৃষ্টি হোৱা প্ৰচণ্ড চাপবোৰে ভাঙি পেলাব পাৰে। গ্ৰহটোৰ ভিতৰত যেতিয়া অত্যন্ত গৰম আৰু ঘন হৈ পৰে তেতিয়া এই হীৰাবোৰ গঠন হোৱাৰ লগতে জমা হৈ বহুত গধুৰ হৈ পৰে ।“
অৱশ্যে তেওঁ এই কথা স্পষ্ট কৰি দি কয় যে কেতিয়াও মানুহ হিচাপে গ্ৰহ দুটালৈ কোনো যাব নোৱাৰিব। এই বৰষুণ অত্যন্ত গধুৰ ৷ পৃথিৱীত দেখা বৰষুণৰ সৈতে ই একে নহয়।ফলত এই হীৰাবোৰ বাস্তৱ হ’লেও মানুহে সংগ্ৰহ কৰা সম্ভৱ নহয় ৷