আর্ন্তজাতিক বাণিজ্যিক উৎক্ষেপনৰ ক্ষেত্ৰখনত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিবলৈ সাজু হৈছে ভাৰত ৷ অহা ২৩ অক্টোবৰত ভাৰতৰ পৰা প্ৰথমটো বাণিজ্যিক উৎক্ষেপন কৰা হ’ব ৷ ইছৰ’ৰ আটাইতকৈ গধুৰ ৰকেট এলভিএম৩য়ে অহা ২৩ অক্টোবৰত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ মহাকাশ কেন্দ্ৰৰ পৰা ব্ৰিটিছ ষ্টাৰ্ট-আপ ৱানৱেবৰ ৩৬টা ব্ৰডবেণ্ড উপগ্ৰহ উৎক্ষেপণ কৰিব ৷ ইছৰ’ৰ আটাইতকৈ গধুৰ ৰকেট এলভিএম৩ বা লঞ্চ ভেহিকেল মাৰ্ক ৩ক পূৰ্বে জি এছএলভি এমক থ্ৰী বুলি কোৱা হৈছিল।
বেংগালুৰুত মুখ্য কাৰ্যালয় থকা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰা অনুসৰি ‘এম/এছ ৱানৱেবৰ সৈতে এই চুক্তি এনএছআইএল আৰু ইছৰ’ৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি ৷ কিয়নো এলভিএম৩য়ে বিশ্বব্যাপী বাণিজ্যিক উৎক্ষেপন সেৱাৰ ক্ষেত্ৰত প্ৰৱেশ কৰিব ৷
চলিত মাহৰ আৰম্ভণিতে ইছৰ’ই জনাইছিল যে মহাকাশ বিভাগৰ অধীনস্থ আৰু মহাকাশ সংস্থাটোৰ বাণিজ্যিক শাখাৰ অধীনস্থ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (চিপিএছই) নিউস্পেচ ইণ্ডিয়া লিমিটেডে (এনএছআইএল) ব্ৰিটেইনস্থিত নেটৱৰ্ক এক্সেছ এছ’চিয়েটছৰ সৈতে দুটাকৈ উৎক্ষেপণ সেৱাৰ চুক্তিত স্বাক্ষৰ কৰিছে ৷
এই নতুন ৰকেটটোৱে চাৰি টন ওজনৰ উপগ্ৰহ জিঅ’চিনক্ৰ’নাছ ট্ৰেন্সফাৰ অৰ্বিট (GTO)লৈ প্ৰেৰণ কৰিবলৈ সক্ষম। ভাৰতৰ ভাৰতী এণ্টাৰপ্ৰাইজ ৱানৱেবৰ এটা প্ৰধান বিনিয়োগকাৰী আৰু শ্বেয়াৰহোল্ডাৰ।