অৱশেষত আমেৰিকান বিজ্ঞানীসকলে আনুষ্ঠানিকভাৱে নিৰ্মাণ কৰি উলিয়ালে পৃথিৱীৰ সৰ্ববৃহৎ ডিজিটেল কেমেৰাটো ৷ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ মেনলো পাৰ্কত ৰখা হৈছে ৩২০০মেগাপিক্সেলৰ এই বৃহৎ কেমেৰাটো ।
এই কেমেৰাটো ইমান শক্তিশালী যে ই ২৪ কিলোমিটাৰ দূৰত ৰখা বল এটাৰ ছবিও ধৰি ৰাখিব পাৰে। জানিব পৰা মতে চিলিৰ ৰুবিন অবজাৰ্ভেটৰীত স্থাপন কৰা হ’ব ৩২০০মেগাপিক্সেলৰ এই কেমেৰাটো ।
এক প্ৰতিবেদন অনুসৰি জানিব পৰা মতে এখন সৰু এছ.ইউ.ভি.ৰ আকাৰৰ এই কেমেৰাটোৰ ওজন ২৮০০কিল’গ্ৰাম। এই কেমেৰাটোত ইনষ্টল কৰা ১৮৯ টা চিচিডি চেন্সৰে লেন্সৰ পৰা প্ৰতিফলনক ইলেক্ট্ৰনিক সংকেতলৈ ৰূপান্তৰ কৰি এক পৰিষ্কাৰ প্ৰতিচ্ছবিৰ সৃষ্টি কৰাত সহায় কৰে। যাৰ সহায়ত ভৱিষ্যতে মহাকাশৰ ছবিবোৰো বন্দী কৰা হ’ব।
বিজ্ঞানীসকলৰ মতে ইয়াৰ সহায়ত বিশ্বব্ৰহ্মাণ্ডৰ বহুতো ৰহস্য সমাধান কৰিব পৰা যাব। মহাকাশৰ বহু গোপন ৰহস্যৰ উপৰিও এই কেমেৰাৰ যোগেদি প্ৰকাশ কৰা হ’ব ডাৰ্ক মেটাৰ আৰু ডাৰ্ক এনাৰ্জি সম্পৰ্কীয় বহু নতুন নতুন তথ্য ।
এই সৰ্ববৃহৎ কেমেৰাটোৰ পৰ্যৱেক্ষণালয়ৰ সঞ্চালক ষ্টিভেন কাহনে কৈছে যে এই কেমেৰাৰ প্ৰস্তুতি এক ডাঙৰ সাফল্য যাৰ নাম দিয়া হৈছে ‘এল.এছ.এছ.টি’ । ইয়াৰ অৰ্থ হ’ল ‘লাৰ্জ চিনপ্টিক চাৰ্ভে টেলিস্কোপ’।
উল্লেখনীয় যে মহাকাশ অভিযানৰ বাবেও ব্যৱহাৰ কৰা হ’ব এই কেমেৰাটো। ৩২০০ মেগা পিক্সেল লেন্সৰ সহায়ত, ইয়াৰ জড়িয়তে মহাকাশৰ নিশাৰ ছবিসমূহ বোৰ বন্দী কৰা হ’ব। ইয়াৰ উপৰিও, ই তৰা আৰু ছায়াপথৰ সংখ্যা নিৰ্ধাৰণ কৰাতো বিজ্ঞানীসকলক সহায় কৰিব। ডেইলীমেইলৰ এক প্ৰতিবেদন অনুসৰি, ৫ ফুটতকৈ ডাঙৰ লেন্সৰ বাবে উচ্চ ৰিজলিউশ্বনৰ ছবি তুলিবলৈ সক্ষম হ’ব এই ৩২০০মেগাপিক্সেলৰ‘এল.এছ.এছ.টি’ ।
আনহাতে এই কেমেৰাৰ সৈতে তোলা ছবিবোৰ হ’ব ৩৭৮৪কে আল্ট্ৰা হাই ডেফিনিচন। অৱশ্যে বিজ্ঞানীৰ দলটোৱে কেমেৰাটো আৰু উন্নত কৰিবলৈ এতিয়াও চেষ্টা অব্যাহত ৰাখিছে।