গ্ৰহণ এক জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা যদিও ইয়াৰ জ্যোতিষ আৰু ধৰ্মীয় বিশ্বাসো আছে। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ২০ এপ্ৰিলত হৈছিল আৰু এতিয়া বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হ’বলৈ গৈ আছে। বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ অহা ৫ মে’ত হ’ব ৷ সেই দিনা বুদ্ধ পূৰ্ণিমাও। ৫ মে’ৰ নিশা ৮.৪৬ বজাৰ পৰা আৰম্ভ হ’ব এই চন্দ্ৰগ্ৰহণ আৰু মাজনিশা ১.২৫ বজাত শেষ হ’ব। এই চন্দ্ৰগ্ৰহণ প্ৰায় ৪ ঘণ্টা ১৫ মিনিট সময় ধৰি চলিব। ৫ মে’ত হ’বলগীয়া এই চন্দ্ৰগ্ৰহণ ভাৰতত দেখা নাযায়। এই চন্দ্ৰগ্ৰহণ এছিয়া, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া আৰু দক্ষিণ-পূব ইউৰোপৰ কিছু অংশত দেখা যাব।