আজিৰ পৰা প্ৰায় ডেৰ কোটি বছৰৰ আগতে জাৰ্মানী আৰু চেক গণৰাজ্যৰ ভূখণ্ডত উদ্ধাৰ হৈছিল ছিলিকন ডাই অক্সাইডৰ পৰিমাণ বেছিকৈ থকা এটা সুন্দৰ সেউজীয়া ৰঙৰ গ্ৰহাণু।ভ্লটাভা নদীৰ নামেৰে ইয়াক মল্ডাভাইট বা ভ্লটাভিন বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে এই মল্ডাভাইট যিয়েই ইয়াক গ্ৰহণ কৰে তেওঁৰ ভাগ্যচক্ৰ সলনি হয় ৷
সামাজিক মাধ্যমত মল্ডাভাইট এছ’ছিয়েছন নামৰ এটা গোটে প্ৰকাশ কৰা মতে মল্ডাভাইটত কেন্দ্ৰীভূত হৈ থকা সেউজীয়া আভাই বিশুদ্ধ প্ৰেম, মূলতঃ হৃদয় চক্ৰত (সাতটা মানৱ শক্তি কেন্দ্ৰৰ চেতনাৰ মূল) সক্ৰিয় ভাৱে কাম কৰে। ই আত্মাক মুক্ত কৰে, শান্তি প্ৰদান কৰে আৰু মানসিক আৰু শাৰীৰিক স্বাস্থ্য শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰতো সহায় কৰে । আনহাতে তেওঁলোকৰ মতে দাঁতৰ বিষ, মূৰৰ বিষ আদি নিৰাময় আৰু নিৰ্মূলৰ অন্যতম শক্তিশালী আহিলা এই মল্ডাভাইট ৷ ই যিমানেই ডাঙৰ বা গধুৰ হয় সিমানেই অধিক শক্তিশালী হয়। কিন্তু হৃদয়ৰ ওচৰত অৰ্থাৎ বুকুত লাগি থকাকৈ পিন্ধিলে ই আটাইতকৈ ফলপ্ৰসূ হয়। আনহাতে সকলো নেতিবাচক চিন্তা আৰু সমস্যাৰ পৰা পৰিত্ৰাণ দিব পাৰে এই মল্ডাভাইটে।
মল্ডাভাইটৰ অতি সূক্ষ্ম উচ্চ কম্পনে হৃদয়ৰ মাজেৰে উচ্চতম আধ্যাত্মিক অঞ্চললৈ, চিৰন্তন পোহৰৰ কেন্দ্ৰলৈ লৈ যোৱাত সহায় কৰিব পাৰে। যাৰ ফলত মানুহে কৰুণা আৰু প্ৰেমক সৰ্বোচ্চ পৰ্যায়লৈকে বিকশিত কৰিব পাৰে ৷ মল্ডাভাইটে মানুহক লৈ যাব পাৰে তেওঁৰ দ্বিতীয় জন্মলৈ।