পৃথিৱীৰ পৰা প্ৰায় ৩ বিলিয়ন আলোকবৰ্ষ দূৰত থকা আন এখন তাৰকাৰাজ্যৰ পৰা অহা এটা ৰহস্য়জনক ৰেডিঅ’ সংকেত ধৰা পেলাইছে জ্যোতিৰ্বিজ্ঞানীসকলে। দ্বিতীয়বাৰৰ বাবে এনে পুনৰাবৃত্তিমূলক সংকেত বিজ্ঞানীসকলে ধৰা পেলাবলৈ সক্ষম হৈছে ৷ ‘নেচাৰ’ নামৰ বিজ্ঞান আলোচনীত প্ৰকাশ পোৱা অনুসৰি গৱেষকসকলে চিনাক্ত কৰা নতুন ফাষ্ট ৰেডিঅ’ বাৰ্ষ্টছ(এফ আৰ বি) নামৰ ৰেডিঅ’ সংকেত এফ আৰ বি ২০১৯০৫২০ বি নামেৰে জনাজাত। গৱেষকসকলে লক্ষ্য কৰিছিল যে এই সংকেতটো “এটা কম্পেক্ট, স্থায়ী ৰেডিঅ’ উৎসৰ সৈতে সহ-অৱস্থিত ৷
২০১৯ চনৰ মে’ মাহত চীনৰ গুইঝৌত পাঁচশ মিটাৰ এপাৰচাৰ স্ফেৰিকেল ৰেডিঅ’ টেলিস্কোপ ব্যৱহাৰ কৰি এফ আৰ বি ধৰা পেলোৱা হৈছিল।অতিৰিক্ত পৰ্যবেক্ষণত ২০২০ চনত পাঁচ মাহৰ সময়ছোৱাত আৰু প্ৰায় ৭৫টা এফ আৰ বি ৰেকৰ্ড কৰা হৈছিল।তাৰ পিছত এই সংকেতটো স্থানীয়কৰণ কৰা হৈছিল ৷
বিজ্ঞানীসকলে এফ আৰ বিৰ কাৰণ কি সেই বিষয়ে নিশ্চিত নহয় ৷ অৱশ্যে তেওঁলোকে বাখ্যা আগবঢ়াইছে যে এফ আৰ বি সম্পূর্ণ নতুন ৷ তদুপৰি ই সংকেত নিৰ্গত কৰি থকাৰ কাৰণ হৈছে ইয়াক ছুপাৰন’ভা বিস্ফোৰণে নিৰ্গত কৰা ঘন পদাৰ্থই আগুৰি আছে। ‘নৱজাতক’ তত্ত্বৰ অধীনত এফ আৰ বিৰ বয়স বৃদ্ধি হোৱাৰ লগে লগে সংকেতবোৰ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিব বুলি আশা কৰা হৈছে।
ইয়াৰ পূৰ্বেও এক ডজনতকৈ অধিক এফ আৰ বি স্থানীয়কৰণ কৰা হৈছে ৷ ইয়াৰে পাঁচটা এফ আৰ বিৰ পুনৰাবৃত্তিমূলক উৎস অন্তৰ্ভুক্ত কৰা হৈছে। ৰেডিঅ’ টেলিমেট্ৰি আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰযুক্তিগত অগ্ৰগতিৰ ফলত ত্বৰান্বিত হোৱা এই আৱিষ্কাৰসমূহে বিজ্ঞানীসকলক লাহে লাহে বৃহৎ আৰু অতি-বৃহৎ তৰাৰ মৃত্যু, নিউট্ৰন তৰা আৰু চুম্বকীয় তৰাৰ একত্ৰীকৰণৰ দৰে মহাজাগতিক পৰিঘটনাৰ বিষয়ে অধিক তথ্য লাভ কৰাত সহায় কৰিব ৷