শেহতীয়াকৈ নাছাৰ নিউ হৰাইজনছ মহাকাশযান’নৰ দ্বাৰা আবদ্ধ কৰা প্লুট’ৰ এক আকৰ্ষণীয় ছবি’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগে লগে ই ভাইৰেল হৈ পৰিছে ।
নেচনেল এৰোনটিকেল এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যনে (নাছা) সৌৰজগতৰ এটা গ্ৰহৰ ৰঙীন ছবি শ্বেয়াৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে, যিয়ে ব্যৱহাৰকাৰীসকলক যথেষ্ট আচৰিত কৰি তুলিছে। মহাকাশ সংস্থাটোৱে ইয়াৰ সামাজিক মাধ্যমৰ পোষ্টত ব্যাখ্যা কৰিছে যে প্লুটোত এক জটিল তথা বিভিন্ন ধৰণৰ নেটৱৰ্ক আছে য’ত খোদিত উপত্যকা, বিশৃংখল পৰ্বতমালা , মসৃণ বৰফযুক্ত সমভূমি আৰু বতাহ-উৰি যোৱা টিলাৰ সৈতে গভীৰ গহ্বৰযুক্ত ভূখণ্ড আছে।
২০০৬ চনৰ ১৯ জানুৱাৰীত নাছাই উৎক্ষেপণ কৰা ‘নিউ হৰাইজনছ মহাকাশযান’খনে ২০১৫ চনৰ গ্ৰীষ্মকালত প্লুটো আৰু ইয়াৰ উপগ্ৰহ সমূহৰ বিষয়ে প্ৰায় ৬ মাহ সময় এক দীঘলীয়া অধ্যয়ন চলাইছিল ৷ মহাকাশযানখনে দূৰৱৰ্তী সৌৰজগতৰ অন্বেষণ অব্যাহত ৰাখি কুইপাৰ বেল্টলৈ আগবাঢ়ি গৈছিল। য’ত প্লুটোক বৰ্ণীল ৰূপত দেখা গৈছিল যিয়ে গ্ৰহটোৰ বিভিন্ন অঞ্চলক পৃথক কৰে। গ্ৰহটোৰ বাওঁ ফালটো বেছিভাগ বেঙুনীয়া আঙঠিৰ সৈতে নীলা-সেউজীয়া, আনহাতে সোঁ ফালে ওপৰৰ ভাগ হালধীয়া-সেউজীয়াৰ পৰা তলৰ ফালে ক্ৰমাৎ ৰঙা কমলা । তেওঁলোকে সামজিক মাধ্যম ইনষ্টাগ্ৰামত আপলোড কৰা এই পোষ্টটোৱে ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে ।