প্লাষ্টিক কুঁৱলী বা মাইক্ৰ’প্লাষ্টিকৰ বৰষুণ এতিয়া আৰু গৱেষণা বা তত্ত্বৰ বিষয় হৈ থকা নাই ৷ প্লাষ্টিক কুঁৱলী বা মাইক্ৰ’প্লাষ্টিকৰ বৰষুণ বাস্তৱত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ মানৱ শৰীৰত ইয়াৰ নেতিবাচক প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে বিজ্ঞানী মহলে ।
ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি ২০২০ চনত নিউজিলেণ্ডৰ অকলেণ্ড চহৰত প্ৰায় ৭৪ মেট্ৰিক টন মাইক্ৰ’প্লাষ্টিক বায়ুমণ্ডললৈ মুকলি কৰা হ’ব বুলি এই সপ্তাহত এনভাইৰনমেণ্টেল ছায়েন্স এণ্ড টেকন’লজিত প্ৰকাশিত এক অধ্যয়নত প্ৰকাশ পাইছে ৷ যাৰ পৰিমাণ ৩০ লাখ প্লাষ্টিকৰ বটলৰ সমতুল্য।
এই অধ্যয়নটোৱে প্ৰথমবাৰৰ বাবে এখন চহৰৰ বতাহত থকা মাইক্ৰ’প্লাষ্টিকৰ মুঠ ভৰ গণনা কৰিছে ৷ এই গৱেষণাৰ পৰা অনুমান কৰা হৈছে যে গৱেষকসকলে বায়ুমণ্ডলীয় মাইক্ৰ’প্লাষ্টিকৰ বিশ্বব্যাপী প্ৰাদুৰ্ভাৱক এতিয়াও গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নাই ৷ এই অধ্যয়নত ৯ সপ্তাহৰ ভিতৰত দুটা নমুনা সংগ্ৰহ কৰি নিউজিলেণ্ডৰ অকলেণ্ডত মাইক্ৰ’প্লাষ্টিক (MP)ৰ বায়ুমণ্ডলীয় উপস্থিতিৰ বিষয়ে অনুসন্ধান কৰা হৈছিল।
অকলেণ্ডত কৰা অধ্যয়নত দেখা গৈছে যে ২০২০ চনত এক বৰ্গমিটাৰ অঞ্চলত বায়ুত থকা প্লাষ্টিকৰ গড় সংখ্যা আছিল ৪,৮৮৫। তাৰ তুলনাত ২০২০ চনত লণ্ডনত কৰা এক অধ্যয়নত ৭৭১, ২০১৯ চনত হামবাৰ্গত কৰা এক অধ্যয়নত ২৭৫ আৰু ২০১৬ চনত কৰা এক অধ্যয়নত পেৰিছত ১১০ বায়ুত প্লাষ্টিক থকাটো নিশ্চিত হৈছিল ৷
অধ্যয়ন অনুসৰি মাইক্ৰ’প্লাষ্টিক বর্তমান বিশ্বৰ এটা ডাঙৰ সমস্যা হিচাপে বিবেচিত হৈছে ৷ বৰষুণৰ পানী, খাদ্য আৰু মহাসাগৰত মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি ধৰা পৰিছে ৷ উল্লেখ্য যে “মাইক্ৰ’প্লাষ্টিক” শব্দটো মাত্ৰ ১৮ বছৰ আগতে উদ্ভাৱন কৰা হৈছিল যদিও ইতিমধ্যে ই মানৱ সভ্যতাৰ বাবে বাবে এক ডাঙৰ সমস্যাত পৰিণত হৈছে ৷ ইয়াৰ উপস্থিতি সকলোতে ধৰা পৰিবলৈ আৰম্ভ কৰিছে ৷
ছায়েন্স এলার্টৰ ৰিপৰ্ট অনুসৰি, প্ৰতি বছৰে গড় হিচাপত এজন ব্যক্তিয়ে প্ৰায় ৭৪,০০০ টা প্লাষ্টিকৰ কণা গ্ৰহণ কৰে৷ ইয়াৰ পৰা স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰে সেয়া এতিয়াও অজ্ঞাত ৷ চলিত বৰ্ষৰ মাৰ্চ মাহত বিজ্ঞানীসকলে ঘোষণা কৰিছিল যে তেজত মাইক্ৰ’প্লাষ্টিকৰ অৱস্থিতি ধৰাত পৰিছে ৷