সূৰ্যগ্ৰহণৰ সময়ত আকাশত দেখা যাব সোণালী আঙঠি! অহা২০ এপ্ৰিল বৃহস্পতিবাৰে সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ সময়ত পৃথিৱীয়ে এক বিৰল মহাজাগতিক দৃশ্যৰ সাক্ষী হ’ব বুলি নাছাই প্ৰকাশ কৰিছে।
সেই বিৰল সূৰ্যগ্ৰহণক ‘হাইব্ৰিড’ সূৰ্যগ্ৰহণ বুলি কোৱা হয়। ইয়াৰ বিশেষত্ব হ’ল ইয়াত চন্দ্ৰৰ ছাঁ সূৰ্য্যৰ আকৃতিতকৈ সৰু। ফলত চন্দ্ৰই সূৰ্য্যক সম্পূৰ্ণৰূপে লুকুৱাব নোৱাৰে। সূৰ্য্যৰ সোণালী বৃত্তটোৱে চন্দ্ৰৰ ছাঁক চৌদিশৰ পৰা আৱৰি থকা দেখা যায়। সূৰ্য্যটো অলপ সোণালী আঙঠিৰ দৰে দেখা যাব। জ্যোতিৰ্বিজ্ঞানীসকলে এই দৃশ্য বিৰল মহাজাগতিক দৃশ্য বুলি কৈছে।
ইয়াৰ পূৰ্বে ২০১৩ চনত এনে গ্ৰহণ হোৱা দেখা গৈছিল। কিন্তু সাধাৰণতে দুটা ‘হাইব্ৰিড’ গ্ৰহণৰ মাজত ১০০ বছৰৰ ব্যৱধান থাকে বুলি জ্যোতিৰ্বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। সেয়ে এই বিৰল ঘটনাৰ সাক্ষী হ’বলৈ বিভিন্ন মহলত উৎসাহৰ সৃষ্টি হৈছে। নাছাই অৱশ্যে কয় যে হাইব্ৰিড সূৰ্যগ্ৰহণ মাত্ৰ এখন চহৰৰ পৰাই দেখা যাব। অষ্ট্ৰেলিয়াৰ পশ্চিম উপকূলৰ এক্সমাউথৰ পৰা এই পৰিঘটনা দেখা যাব। ইয়াৰ উপৰিও অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ইষ্ট ইণ্ডিজ, ফিলিপাইনছ আৰু দক্ষিণ-পূব এছিয়াৰ আন কেইবাটাও অঞ্চলত আংশিক সূৰ্যগ্ৰহণ দেখা যাব। যদিও ভাৰতীয় আকাশত এই সূৰ্যগ্ৰহণ দেখা নাযাব ৷ ভাৰতীয়সকলে হাইব্ৰিড সূৰ্যগ্ৰহণ লাইভত চাব পাৰিব। অহা ২০ এপ্ৰিলৰ পুৱা ৩:৩৪ বজাৰ পৰা ৬:৩২ বজালৈ সূৰ্যগ্ৰহণ দেখা যাব।
নাছাৰ তথ্য অনুসৰি ২০২৩ চনৰ এয়া প্ৰথম সূৰ্যগ্ৰহণ। চলিত বৰ্ষৰ অন্তিমটো সূৰ্যগ্ৰহণ হ’ব ১৪ অক্টোবৰত।