পৃথিৱীৰ পৰা ১২৪ আলোকবৰ্ষ দূৰত থকা এটা সৰু ৰঙা ৰঙৰ তৰাক প্ৰদক্ষিণ কৰি আছে কেটু-১৮বি( K2-18b) নামৰ এটা গ্ৰহই। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ বিজ্ঞানীসকলে এতিয়া সেই দূৰৈৰ গ্ৰহটোক নিৰীক্ষনত ৰাখিছে । বিশ্বৰ আটাইতকৈ শক্তিশালী মহাকাশ মানৱ নিৰীক্ষণ কেন্দ্ৰ জেমছ ৱেব স্পেচ টেলিস্কোপে প্ৰদান কৰা তথ্য অনুসৰি এই গ্ৰহত এনে এটা ৰাসায়নিক পদাৰ্থ আছে যিটো কেৱল জীৱৰ উপস্থিতিতহে থাকিব পাৰে। অতি সোনকালেই জেমছ ৱেবে জীৱনৰ ৰহস্য সমাধানৰ অভিযানত নামি পৰে।
দীৰ্ঘদিন ধৰি বিজ্ঞানীসকলে এই গ্ৰহটোক লৈ উৎকন্ঠিত হৈ আহিছে। প্ৰথম অৱস্থাত তেওঁলোকৰ ধাৰণা হৈছে যে সমগ্ৰ গ্ৰহটোত বিয়পি আছে এক বিশাল পানী। ইয়াত সাগৰৰ আকাৰ পৃথিৱীৰ ২.৬ গুণ। পানীয়েই হৈছে জীৱনৰ উৎস। তাৰ লগতে ডাইমিথাইল ছালফাইড (DMS)ৰ উপস্থিতিয়ে বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই গেছীয় পদাৰ্থ জীৱৰ অস্তিত্বৰ অন্যতম প্ৰমাণ। নাছাৰ বিজ্ঞানীসকলৰ মতে ডি এম এছ জীৱিত জীৱৰ পৰা উৎপাদিত হয়। গতিকে গ্ৰহটোৰ বায়ুমণ্ডলত ডিএমএচৰ উপস্থিতি যথেষ্ট ইংগিতদায়ক। অৱশ্যে এই অধ্যয়নৰ মুখ্য বিজ্ঞানী কেম্ব্ৰিজৰ জ্যোতিৰ্বিজ্ঞানী নিক্কু মধুসুদনে কয় যে তেওঁ কোনো সিদ্ধান্তলৈ আগবাঢ়ি যাবলৈ সাজু নহয়। অধিক তথ্য বিশ্লেষণৰ প্ৰয়োজন আছে ।