সাধাৰণতে সোণ, ৰূপ, হীৰা আদিকহে বিশ্বৰ মূল্যবান ধাতু হিচাপে মনা হয় যাৰ মূল্য কোটি কোটি টকা পৰ্য্যন্ত । কিন্তু প্ৰকৃতাৰ্থত এইবোৰৰ কোনোটোৱেই বিশ্বৰ আটাইতকৈ মূল্যবান বস্তু নহয়। কাৰণ এই ধাতু সমূহতকৈ মূল্যবান এবিধ ধাতু আছে যাৰ মূল্য সোণ-ৰূপ নাইবা হীৰাতকৈও অধিক ৷
অৱশ্যে বেছিভাগ মানুহেই এই সম্পৰ্কে অৱগত নহয় ৷ পৃথিৱীৰ ভিতৰতে আটাইতকৈ মূল্যবান এই ধাতুবিধৰ নাম হ’ল ‘এণ্টিমেটাৰ’। যাৰ এক গ্ৰামৰ মূল্য ইমানেই বেছি যে এই মূল্যৰে কিনিব পৰা যায় পৃথিৱীৰ এখন বা দুখন নহয় ১০০খন সৰু সৰু দেশ ।
‘এন্টিমেটাৰ’ অৰ্থাৎ ‘প্ৰতি পদাৰ্থ’ক পৃথিৱীৰ আটাইতকৈ দামী পদাৰ্থ বুলি গণ্য কৰা হয়। নাছাৰ তথ্য অনুসৰি ইয়াৰ এক গ্ৰামৰ মূল্য ৬২.৫ লাখ কোটি ডলাৰৰ অধিক অৰ্থাৎ প্ৰায় ৫০০০ বিলিয়ন টকা। আমাৰ চাৰিওফালৰ বায়ুমণ্ডলতেই হওঁক নাইবা মাটিৰ তলত ক’তো এই ‘এন্টিমেটাৰ’ উপলব্ধ নহয়। বৰঞ্চ ইয়াক লেবত প্ৰস্তুত কৰা হয় আৰু ইয়াক ব্যৱহাৰ কৰা হয় মহাকাশ সম্পৰ্কীয় কামত ।
মহাকাশ জগতৰ পৰাই এই কথা জানিব পৰা গৈছে যে কৃষ্ণগহ্বৰত তৰা দুটা ভাগত বিভক্ত হ’লে এই এণ্টিমেটাৰ উৎপন্ন হয়। ইয়াৰ শক্তি সীমাহীন। CERN ৰ লেবত প্ৰথমবাৰৰ বাবে ইয়াক নিৰ্মাণ কৰা হৈছিল।ইয়াক তৈয়াৰ কৰিবলৈ বৃহৎ বাজেটৰ প্ৰয়োজন।
কি কি কামত এন্টিমেটাৰ ব্যৱহাৰ কৰিব পাৰি সেইবিষয়ে বিজ্ঞানীসকলে অহৰহ অধ্যয়ন কৰি আছে। শক্তিৰ এক বিশাল উৎস হোৱাৰ বাবে ইয়াক বহু কামত ব্যৱহাৰ কৰিব পাৰি। বিজ্ঞানী সকলৰ মতে যদি এক গ্ৰাম এন্টিমেটাৰৰ সৈতে এক গ্ৰাম এন্টিমেটাৰৰ বিক্ৰিয়া হয় তেন্তে ই হিৰোছিমাত নিক্ষেপ কৰা বোমাতকৈও তিনিগুণ বেছি শক্তি নিৰ্গত কৰিব পাৰে। চিকিৎসা ক্ষেত্ৰতো বিশেষকৈ কৰ্কট ৰোগৰ চিকিৎসাত এন্টিমেটাৰ ব্যৱহাৰ কৰিব পাৰি। সাধাৰণ ইন্ধনৰ তুলনাত ‘এন্টিমেটাৰ’ৰ শক্তিৰ ঘনত্ব বেছি হোৱাৰ বাবে ইয়াক ‘ৰকেট ইন্ধন’ হিচাপেও ব্যৱহাৰ কৰিব পাৰি।