নানাৰঙী ফুলেৰে জাতিষ্কাৰ হৈ উজ্বলি উঠিছে এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ জম্মু-কাশ্মীৰৰ টিউলিপ উদ্যান ৷
লাইফষ্টাইল নামাৰ এক প্ৰতিবেদন অনুসৰি নানাৰঙী ফুলেৰে উজ্বলি উঠিছে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত অৱস্থিত এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ টিউলিপ উদ্যানখন৷মুকলি হোৱাৰ ১০ দিনৰ ভিতৰতে প্ৰায় ১.৩৫ লাখ লোকে উপভোগ কৰিছে এই উদ্যানখনৰ সৌন্দৰ্য্য ।
শ্ৰীনগৰৰ ৫২.৫ হেক্টৰত বিস্তৃত এই ‘ইন্দিৰা গান্ধী টিউলিপ বাগিচা’খন শ্ৰীনগৰৰ বিখ্যাত দল সৰোৱৰ আৰু জাবৰৱান পাহাৰৰ মাজত অৱস্থিত যি ঠাইৰ পৰা উপভোগ কৰিব পাৰি এই বিনন্দীয়া দৃশ্য ।উল্লেখনীয় যে ইয়াত বিভিন্ন ৰঙৰ ১৬ লাখ টিউলিপ ফুল আৰু ৬৮ জাতৰ টিউলিপ ফুল আছে। টিউলিপ উদ্যানখনৰ তত্বাৱধায়ক ইনাম-উল-ৰহমানে কয় যে এতিয়ালৈকে দৰ্শনাৰ্থীৰ অধিকাংশই ৰাজ্যৰ বাহিৰৰ পৰা অহা পৰ্যটক।
ৰহমানে লগতে কয় যে – এই বাগিচাৰ সুন্দৰ দৃশ্য চাবলৈ এতিয়ালৈকে প্ৰায় ১.৩৫ লাখ দৰ্শনাৰ্থী আহিছে। ইয়াৰে প্ৰায় ৭০ শতাংশই বাহিৰৰ। যোৱা বছৰ ৩.৬০ লাখ পৰ্যটক আহিছিল বাগিচাখনৰ সৌন্দৰ্য্য চাবলৈ। বাগিচাসমূহ জনসাধাৰণৰ বাবে মুকলি কৰাৰ পিছত এই সংখ্যা আছিল সৰ্বাধিক।
১৬ লাখ টিউলিপৰ উপৰিও এই বাগিচাখনত বসন্তকালীন ফুল যেনে হাইচিন্থ (হাইচিন্থৰ এটা প্ৰজাতি), ডেফডিল, চাইক্লেমেন আদিও দেখা যায়। এইবাৰ উদ্যানখনত চাৰিটা নতুন জাতৰ টিউলিপ সংযোজন কৰা হৈছে আৰু ইয়াৰ পিছত মুঠ জাতৰ সংখ্যা ৬৮টালৈ বৃদ্ধি পাইছে। বহু পৰ্যটক গধূলিলৈকে বাগিচাখনত থাকে বাবে সন্ধিয়াৰ বাবে ইয়াত পোহৰৰ ব্যৱস্থা কৰা হৈছে।
বিশ্বৰ ভিতৰতে বিখ্যাত এই উদ্যানখনক চিৰাজ বাগ বুলিও কোৱা হয়। মুম্বাইৰ এজন পৰ্যটক সুৰমিলে কয় যে তেওঁ এই বাগিচাখনৰ প্ৰেমত পৰিছিল। তেওঁ কয় যে তেওঁৰ এই ঠাইখন ভাল লাগে। এক আচৰিত অভিজ্ঞতা হৈছে তেওঁৰ। পৰিবেশটো বৰ ধুনীয়া। ইয়াৰ বতৰ মুম্বাইতকৈ বেছি ঠাণ্ডা। ৰাজস্থানৰ জয়পুৰৰ আন এজন পৰ্যটক দেৱেন্দ্ৰ সিঙে কয় যে টিউলিপ ফুলাৰ সময়ত ইয়াত উপস্থিত হৈ তেওঁ নিজকে ভাগ্যৱান অনুভৱ কৰে।