এতিয়া গ্ৰন্থৰ বতৰ ৷ নৱেম্বৰ-ডিচেম্বৰ মাহ মানেই যেন কেউফালে গ্ৰন্থৰ সুবাস ৷ গ্ৰন্থপ্ৰেমী কিম্বা প্ৰকাশক আৰু লেখকৰ আহৰি নোহোৱা সময় ৷ অসমৰ বহুঠাইত অনুষ্ঠিত হৈছে গ্ৰন্থমেলা য’ত উন্মোচন কৰা হৈছে ন-পুৰণি বহু লিখক-প্ৰকাশকৰ নতুন নতুন গ্ৰন্থ ৷
এটি ব্যতিক্ৰমী নামেৰে চলিত বৰ্ষৰ ৪ডিচেম্বৰ তাৰিখে যোৰহাটত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাত উন্মোচন কৰা হ’ল পংকজ প্ৰতীম বৰদলৈৰ প্ৰবন্ধ সংকলন ‘অনুপ্ৰেক্ষণ’ ৷‘সঞ্জীৱন প্ৰকাশন’ৰ দ্বাৰা প্ৰকাশ পোৱা গ্ৰন্থখনৰ বেটুপাত নীলাভ সৌৰভৰ ।
সামাজিক মাধ্যম ফেচবুকৰ দ্বাৰা গ্ৰন্থ খনত অন্তৰ্ভূক্ত কৰা তেওঁৰ প্ৰবন্ধ সন্দৰ্ভত বিশেষকৈ ‘লাচিত বৰফুকন আৰু শৰাইঘাট’ সম্পৰ্কে বহুখিনি কথাই ব্যক্ত কৰিলে গ্ৰন্থখনৰ লেখক পংকজ বৰদলৈয়ে ৷ প্ৰবন্ধ সংকলন খনৰ বিষয়ে কিছু কথা পাঠকক অৱগত কৰিবলৈ গৈ তেওঁ ক’লে যে অসমৰ তথা অসমীয়াক উজ্জীৱিত কৰিব পৰা তথা হাজাৰ বাধা বিঘিনিৰ মাজতো একত্ৰিত কৰিব পৰা দুটা শব্দ হৈছে– লাচিত বৰফুকন আৰু শৰাইঘাট৷ লাচিত বৰফুকনৰ লগত জড়িত অসমীয়াৰ সন্মান আৰু আৱেগৰ নিৰ্মোহ বিশ্লেষণ কৰি ক’ব পাৰি যে, অসমৰ ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়াসকলৰ এজন তথা অসমীয়া সমাজ আৰু জাতিৰ অস্তিত্ব ৰক্ষাৰ অক্লান্ত যোদ্ধাজনেই ইতিহাস চৰ্চাকাৰী ইতিহাসবিদৰ হাতত সৰ্বাধিক ‘পীড়িত’ অসমীয়া৷ লাচিত বৰফুকনৰ বংশ পৰিচয়, তেওঁৰ জন্ম তথা গড় নিৰ্মাণৰ অৱহেলাৰ বাবে মোমায়েকক কটালৈকে, এই সকলো দিশ সামৰি লাচিতক লৈ অসংখ্য কল্পনা কাহিনীৰ নিৰ্মাণেৰে লাচিতৰ প্ৰকৃত অৱদান আৰু প্ৰাসংগিকতাৰ বস্তুনিষ্ঠ পৰ্যালোচনা অতি আচৰিতভাৱে বৰ্তমান সময়তো কৰা হোৱা নাই৷
লিখক গৰাকীয়ে পুনৰ ক’লে যে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ শৰাইঘাটৰ ৰণত লাচিত বৰফুকন নৰিয়াপাটীত থকাৰ দোহাই দি তেওঁক এজন কাপুৰুষ হিচাপে উপস্থাপনৰ অপচেষ্টাও চলোৱা হ’ল৷ ড০ সূৰ্যকুমাৰ ভূঞাৰ দৰে স্বনামধন্য ইতিহাসবিদেও নৰিয়াপাটীত থকা লাচিতৰ বিছনা চাৰিটা ‘ভূঞা পোৱালিয়ে’ নাৱত তুলি দিলে বুলি কোনো বিশুদ্ধ আৰু নিৰ্ভৰযোগ্য প্ৰমাণ অবিহনেই উল্লেখ কৰি আওপকীয়াকৈ ভূঞাসকলৰ শৰাইঘাট যুদ্ধত অৱদানৰ কথা দোহাৰিলে৷ আনহাতে লাচিত বৰফুকনে আহোম যুগত লাভ কৰা পদবী সম্পৰ্কেও অসমীয়া ইতিহাসবিদসকল এক নিৰ্ভৰযোগ্য মতবাদ দাঙি ধৰিব পৰা নাই৷ ঘোঁৰাকোঁৱৰ, দোলাকাষৰীয়া বৰুৱা হৈ শিমলুগুৰীয়া ফুকনৰ পৰা বৰফুকন হোৱাৰ বহুবোৰ তথ্যৰহিত ব্যাখ্যা আগবঢ়োৱা হৈছে৷ কোনো বিজ্ঞানসন্মত তথ্য আৰু প্ৰমাণ অবিহনেই বেনুধৰ শৰ্মাই লাচিত বৰফুকনৰ জন্ম নাজিৰাৰ এঘৰ বামুণ মানুহৰ ঘৰত হোৱাৰ লগতে কালক্ৰমত ৰজাৰ দৃষ্টিগোচৰ হৈ তামুলী বিষয়বাব পাই পৰৱৰ্তীকালত বৰবৰুৱাৰ দায়িত্ব পোৱাৰ কথা লিখিছে৷ পদ্মনাথ গোহাঞি বৰুৱাদেৱেও লাচিতক ‘ঘোঁৰা বৰুৱা’ পতাৰ কথা উল্লেখ কৰিছে৷ ক্ষেত্ৰধৰ বৰগোহাঞিয়ে লাচিত বৰফুকনক বিধৱাৰ পিতৃপৰিচয়হীন সন্তান আখ্যা দি মোমাই তামুলীৰ তোলনীয়া পুত্ৰৰ মৰ্যাদা দিছে৷ গতিকে ওপৰোক্ত উদাহৰণসমূহৰ বিক্ষিপ্ততাই আমাৰ ইতিহাস চৰ্চাৰ বিক্ষিপ্ততা আৰু নিৰপেক্ষহীনতাৰ উমান দিয়ে৷ অসমৰ ইতিহাসৰ যে বস্তুনিষ্ঠ আৰু বিজ্ঞানসন্মত চৰ্চা আৰু ব্যাখ্যা এক প্ৰাৰম্ভিক পৰ্যায়তে আছে এই ওপৰোক্ত তথ্য উদাহৰণেই প্ৰমাণ কৰিছে৷ ইয়াৰ ফলতেই ইতিহাসকেন্দ্ৰিক বিভ্ৰান্তি আৰু ন্যস্ত স্বাৰ্থ জড়িত আৱেগ সৃষ্টিৰ উদ্দেশ্য সফল হৈছে৷”
‘অনুপ্ৰেক্ষণ’প্ৰকৃতাৰ্থত এনে এখন গ্ৰন্থ য’ত সন্নিবিষ্ট হৈ আছে এনে বহু কেইটা প্ৰবন্ধ যি পাঠক সমাজৰ লগতে নৱ-প্ৰজন্মকো বিভিন্ন ক্ষেত্ৰত বহু সমল যুগুত কৰাত ভৱিষ্যতে সহায় কৰিব ৷ অৱশ্যে গ্ৰন্থখনৰ বেটুপাতেও গ্ৰন্থখনৰ ভিতৰত কি আছে তাৰ কিছু আভাস পাবলৈ পাঠকক যথেষ্ট সহায় কৰিব ৷ আনহাতে ব্যস্ততাময় কৰ্মজীৱনৰ আঁৰত লেখকৰ এয়া এক নতুন যাত্ৰা। চিন্তাগধুৰ অকল্পসাহিত্যৰ আগ্ৰহী সকলৰ বাবে ই এখন উপযুক্ত গ্ৰন্থ। আনহাতে পাঠকৰ দৃষ্টিত এটা এটা মূল্যবান শব্দৰে সমৃদ্ধ কম মূল্যৰ কম পৃষ্ঠাৰ এখন অনন্য গ্ৰন্থ ‘অনুপ্ৰেক্ষণ’ যি বৰ্তমান যোৰহাট গ্ৰন্থমেলাৰ সঞ্জীৱন প্ৰকাশন আৰু আন প্ৰকাশনতো উপলব্ধ ৷