চৰকাৰৰ নিৰ্দেশ অনুযায়ী বৃ্হস্পতি বাৰে দৰং জিলাৰ ঢলপুৰৰ গৰুখুঁটিত ৪,৫০০ বিঘা মাটিত বে-দখলকাৰীৰ উচ্ছেদ অভিযান চলিছিল।এই উচ্ছেদ অভিযান চলাৰ সময়তে বে-দখলকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ সংঘাত আৰম্ভ হয়।
প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ, গুলীবৰ্ষণ কৰিবলৈ বাধ্য হৈছিল।সাধাৰণতে এনে উচ্ছেদ অভিযানত প্ৰতিবাদ এক স্বাভাৱিক ঘটনা যদিও গৰুখুঁটিত পৰিস্থিতি অধিক ভয়ানক হোৱা পৰিলক্ষিত হৈছিল।
দুয়োপক্ষৰ মাজত হোৱা যুদ্ধসদৃশ পৰিবেশত বহুকেইজন আৰক্ষীৰ লোক আহত হোৱাৰ লগতে দুজনকৈ প্ৰতিবাদীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হয়।ইয়াৰ মাজতে অন্য এক ভিডিঅ‘য়ে সম্প্ৰতি খবৰৰ শিৰোনাম দখল কৰাৰ লগতে চ’ছিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
আৰক্ষীৰ লগত হাতত কেমেৰা লৈ থকা এজন ব্যক্তিয়ে বে-দখলকাৰী লোকক আক্ৰমণ কৰা দৃশ্যই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য।
জানিব পৰা মতে হাতত কেমেৰা লৈ থকা এই লোকজন হ’ল আৰক্ষী তথা প্ৰসাশনে ঘটনাস্থলীলৈ ফটো সংগ্ৰহৰ বাবে লৈ যোৱা বিজয় শংকৰ বনিয়া।যি আৰক্ষীৰ লগত সহযোগ কৰি মাটিত পৰি থকা এজন মৃত ব্যক্তিক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা দেখা গৈছে।
একমাত্ৰ আৰক্ষীৰ ওপৰত কৰ্তৃত্ব থকা এই সংঘাতত কি যুক্তিত এই ফটোগ্ৰাফাৰজনে এনে বৰ্বৰ কাৰ্য কৰিলে সেই লৈ বৃ্হস্পতিবাৰে চ’ছিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে একাংশ সাধাৰণ ৰাইজে।
একাংশ চ’ছিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মতে ফটোগ্ৰাফাৰ জনৰ এই কাৰ্য মানৱ জাতিক লজ্জানত কৰা এটা দুখঃজনক ঘটনা।আকৌ অন্য একাংশৰ মতে মানৱ সভ্যতাৰ এক স্খলিত ৰূপ এই কাৰ্য। অৰ্থাৎ অভিযুক্ত ফটোগ্ৰাফাৰজনৰ গ্ৰেপ্তাৰৰ দাবী তুলি অন্য এক আন্দোলনৰ সূচনা কৰিলে চ’ছিয়েল মিডিয়াৰ একাংশ ব্যৱহাৰকাৰীয়ে।
অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত ফটোগ্ৰাফাৰ বিজয় শংকৰ বনিয়াক।টুইটযোগে এই কথা সদৰি কৰিছে অসম আৰক্ষীৰ বিশেষ মহা নিৰ্দেশক জি পি সিঙে।যদিও আজিও এই ঘটনাক লৈ সমালোচনাৰ অন্ত পৰা নাই চ’ছিয়েল মিডিয়াৰ মজিয়া।তেনেক্ষেত্ৰত এই অভিযুক্ত ফটোগ্ৰাফাৰজনক চৰম শাস্তি প্ৰদানৰ দাবী তুলিছে একাংশ ৰাইজে।