সৰস্বতী পূজাৰ দিনটোত সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে অতি বিশেষ। বিশ্বাস কৰা হয় যে সেই দিনটোত বিদ্যাৰ অধিস্থাত্ৰী দেৱী সৰস্বতীক আৰাধনা কৰিলে শুভ ফল পোৱা যায় ৷ অৱশ্যে এই দিনটোত দেৱী আৰাধনা কৰাৰ উপৰিও শিক্ষাৰ্থী সকলে সুন্দৰকৈ সাজ-পোছাক পৰিধান কৰি দেৱী সৰস্বতীক পূজা কৰে।অৱশ্যে এই দিনটোত বিশেষকৈ ছোৱালীবোৰে প্ৰসাধনৰ ক্ষেত্ৰতো বিশেষভাৱে মনোযোগ দিয়া দেখা যায় ৷
আপুনি পিছে কেনেকৈ সাজু হ’ব এইবাৰ সৰস্বতী পূজালৈ ? আহকচোন জানো প্ৰসাধনৰ কেইটামান টিপছ-
বেচ মেকআপ (Foundation)-ভাল প্ৰসাধনৰ বাবে বেচ মেকআপ অতি গুৰুত্বপূৰ্ণ। নিখুঁত দেখুৱাবৰ বাবে ছালৰ ৰং অনুসৰি বেচ মেকআপ অৰ্থাৎ ফাউণ্ডেচন প্ৰয়োগ কৰা প্ৰয়োজন। সেয়েহে কপাল, গাল আৰু ডিঙিকে ধৰি গোটেই মুখমণ্ডলত সমানে ফাউণ্ডেচন লগাই আৰু ভালদৰে মিহলাই লোৱাৰ পিছত যদি মুখত দাগ থাকে তেন্তে কনচিলাৰ ব্যৱহাৰ কৰি ১০ মিনিট ৰখাৰ পিছতহে পৰৱৰ্তী প্ৰসাধন কৰা উচিত ।
চকুৰ প্ৰসাধন- এইবাৰ সৰস্বতী পূজাত চকুত সোণালী আইশ্বেড’ৰ সৈতে কাজল লগাই চকুযোৰ ধোঁৱাময় কৰিব পাৰে। অৱশ্যে এই আই মেকআপ কৰাৰ সময়ত মনত ৰখা উচিত যে প্ৰথমে বেচ আইশ্বেড’ লগাব লাগে। ইয়াৰ পিছতহে ড্ৰেছৰ সৈতে মিল থকা শ্বেড প্ৰয়োগ কৰিব লাগে আৰু ইয়াৰ পিছতহে আই লাইনাৰ লগাব লাগে।
ওঁঠৰ প্ৰসাধন-এই উৎসৱত গাঢ় ৰঙৰ লিপষ্টিক ল’লে অতি সুন্দৰ দেখা যাব। মিঠা বৰণীয়া সকলে ৰঙা লিপষ্টিক আৰু বগাসকলে গোলপীয়া ৰঙৰ লিপষ্টিক লগালে নিশ্চয় আকৰ্ষণীয় দেখা যাব।
চুলিৰ ষ্টাইল- যদি আপুনি চুলিখিনি খোলা ৰাখি ভাল পাই তেন্তে খোলা ৰাখিব পাৰে ৷ খোলাকৈ ৰাখি বেয়া পোৱা সকলে ডিঙিত পৰি থকাকৈ এটা খোপা বান্ধি তাত ফুল লগাবও পাৰে।
পোছাক-সৰস্বতী পূজাৰ দিনা হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰাটো শুভ বুলি গণ্য কৰা হয়। গতিকে হালধীয়া শাৰী বা ছালৱাৰ চুট, অনাৰকলি চুৰিদাৰ আদিও পিন্ধি লগত হাই হিল বা ফ্লেট চেণ্ডেলো পিন্ধিব পাৰে যি আধিক আকৰ্ষণীয় কৰি তুলিব আপোনাক ।