আজি বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক গিৰিধৰ শৰ্মাৰ ওপজা দিন । ১৯১২ চনৰ আজিৰ দিনটোতে নলবাৰী (তেতিয়াৰ কামৰূপ) জিলাৰ ককয়াত তেওঁৰ জন্ম হৈছিল । প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতেই তেওঁ আৰ্থিক অনাটনৰ বাবে নলবাৰী এম ই স্কুলত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল । ১৯৩৫ চনত তেওঁ ককয়া কামদা চতুষ্পাঠীৰ পৰা স্বৰ্ণ পদকসহ ব্যাকৰণ শাস্ত্ৰী উপাধি লাভ কৰে ।একেসময়তে তেওঁ প্ৰাইভেটকৈ পঢ়ি স্নাতকোত্তৰ ডিগ্ৰীও আহৰণ কৰে । ১৯৫০ চনত তেওঁ সন্দিকৈ মহাবিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে । তাৰ পিছত তেওঁ কটন কলেজত যোগদান কৰে । ১৯৬২ চনত তেওঁ আৰ্য বিদ্যাপীঠ কলেজৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে আৰু ১৯৭৫ চনত অৱসৰ গ্ৰহণ কৰে । তেওঁ আছিল আৰ্য বিদ্যাপীঠ কলেজ স্থাপনৰ আঁৰৰ অন্যতম ব্যক্তি । তেওঁ অসম কলেজ শিক্ষক সন্থা আৰু অসম কলেজ অধ্যক্ষ সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল । তদুপৰি বাণীকান্ত বি টি কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিল তথা অসম মাধ্যমিক শিক্ষা পৰিষদৰো সদস্য আছিল । তেওঁ কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি (১৯৭২) হোৱাৰ উপৰি ১৯৭৩ চনত ৰঙিয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনতো তেওঁ সভাপতিত্ব কৰিছিল । তেওঁৰ কাৰ্যকালতে সাহিত্য সভা পত্ৰিকাক তেওঁ মাহেকীয়া আলোচনীৰ ৰূপ দিছিল । তেওঁ মুখ্যতঃ স্কুলীয়া পাঠ্যপুথি ৰচনা কৰিছিল । Sanskrit Grammar, Composition & Translation, Sarma’s Anglo Assamese Dictionary, আধুনিক অসমীয়া ভাষাৰ ব্যাকৰণ, অসমীয়া অভিধান, সংস্কৃত ব্যাকৰণ চন্দ্ৰিকা, প্ৰবন্ধ বিচিত্ৰা আদি তেওঁৰ প্ৰকাশিত পুথি । অনুবাদমূলক গ্ৰন্থ ‘গল্প গুচ্ছ আৰু দেৱী চৌধুৰানী’ । সম্পাদনামূলক গ্ৰন্থ ‘চুটিগল্প সংকলন’ । এইগৰাকী শিক্ষাবিদ, সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি সাহিত্যিক, সাংবাদিক পদ্ম বৰকটকীৰ ওপজা দিন । ১৯২৭ চনৰ আজিৰ দিনটোতে যোৰহাটত তেওঁৰ জন্ম দিন । ১৯৫৬ চনত ‘হিন্দুস্তান ষ্টেণ্ডাৰ্ড’ কাকতত ফিচাৰ লেখক হিচাপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল । তেওঁ দ্য আছাম ট্ৰিবিউন কাকতৰো সংবাদদাতা আছিল । তদুপৰি আমাৰ প্ৰতিনিধি, নতুন প্ৰতিনিধি, সমকালীন, মাতৃভূমি, ইস্তাহাৰ, The North East Daily, নতুন দৈনিক, নতুন দিন আদি কাকত-আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তাহানিৰ আকাশবাণী শ্বিলং-গুৱাহাটীতো তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ এগৰাকী সমালোচকো আছিল । তেওঁ ৩৮খন উপন্যাস, পাঁচখন চুটিগল্পৰ সংকলন, দুখন কবিতা পুথি, তিনিখন শিশু-গ্ৰন্থ, পোন্ধৰখন নাটক আৰু বিভিন্ন বিষয়ৰ দহখন গ্ৰন্থ ৰচনা কৰিছিল । ২০০৭ চনত অসম চৰকাৰে তেওঁক চুকাফা বঁটাৰে সন্মানিত কৰে । এইগৰাকী সাহিত্যিক-সাংবাদিকলৈ আমাৰ প্ৰণাম ।