VOICE 24x7
Sunday, January 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
December 4, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট কবি, সমালোচক তথা অনুবাদক নলিনীধৰ ভট্টাচাৰ্যৰ ওপজা দিন । ১৯২১ চনৰ আজিৰ দিনটোতে যোৰহাটৰ মেলেং কাঠগাঁৱত তেওঁৰ জন্ম হয় । স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তেওঁ শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজত অসমীয়াৰ প্ৰবক্তা হিচাপে যোগদান কৰে । পিছত ১৯৬০ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ কলেজত যোগদান কৰি ১৯৮৩ চনত অৱসৰ গ্ৰহণ কৰে । তেওঁ ‘ৰামধেনু’ৰ পাতত অনুবাদকৰ্মৰে সাহিত্যিক জীৱনৰ পাতনি মেলে । তেওঁৰ প্ৰথমটো কবিতা ‘দুখীয়া’ প্ৰকাশ পাইছিল ‘আৱাহন’ৰ পাতত । ১৯৭৯ চনত তেওঁৰ প্ৰথমখন কাব্য গ্ৰন্থ ‘এই কুঁৱলীতে’ । চেৰাশালিৰ মালিতা, ননী ঘৰত আছেনে, আহত সপোন আদি তেওঁৰ অন্যান্য কাব্য গ্ৰন্থ । মূল আৰু ফুল, কবিতাৰ কথা, মহৎ ঐতিহ্য আদি তেওঁৰ প্ৰবন্ধ সংকলন । দুই পুৰুষ, ঈশ্বৰী তলাৰ কাহিনী, ডঃ ঝিভাগো আদি অনুবাদ গ্ৰন্থ । মহৎ ঐতিহ্য গ্ৰন্থৰ বাবে ২০০২ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৮৩ চনত কবিতাৰ কথাৰ বাবে ভাৰতীয় ভাষা পৰিষদ বঁটা লাভ কৰে । ২০০৬ চনত লাভ কৰে অসম উপত্যকা বঁটা । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট সাহিত্যিক তথা অৰ্থনীতিবিদ ভৱানন্দ ডেকাৰ স্মৃতি দিৱস । ১৯৫৮ চনত তেওঁ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত অৰ্থনীতিৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু ১৯৯২ চনত কলেজখনৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে । তেওঁ সৰ্থেবাৰীৰ বাপুজী কলেজৰো প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল । ১৯৬৮ চনত তেওঁ পৰীক্ষিত হাজৰিকা আৰু উপেন্দ্ৰ নাথ গোস্বামীৰ সৈতে লগ লাগি দিল্লীত অসমীয়া সাহিত্য সমাজ প্ৰতিষ্ঠা কৰে । দিল্লী বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগত অসমীয়া ভাষাৰ সুকীয়া বিভাগ খোলাতো তেওঁ আগভাগ লৈছিল । তেওঁ আমি, উদয়গিৰি, ৰাষ্ট্ৰজ্যোতি আদি আলোচনীৰো সম্পাদক আছিল । তেওঁ ১১৪খন বিভিন্ন বিষয়ৰ পুথি ৰচনা কৰে । তেওঁ আছিল অসমীয়া ভাষাত অৰ্থনীতি বিষয়ক কিতাপ লিখা প্ৰথমগৰাকী ব্যক্তি । ২০০৬ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিক, অৰ্থনীতিবিদগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি সাহিত্যিক তথা ইতিহাসৰ গৱেষক অম্বিকাচৰণ চৌধুৰীৰ স্মৃতি দিৱস । তেওঁ বিভিন্ন চৰকাৰী চাকৰি কৰাৰ পিছত বঙাইগাঁও শিক্ষক প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে । তেওঁ বিভিন্ন বিষয়ৰ ৩৩খন গ্ৰন্থ লিখি থৈ গৈছে । ৰত্নপীঠত এভুমুকি তেওঁৰ এখন উল্লেখযোগ্য গ্ৰন্থ । অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনত তেঁৱেই অসমীয়া ভাষাক অসমৰ ৰাজ্যভাষাৰ মৰ্যাদা দিব লাগে বুলি পোনপ্ৰথমে প্ৰস্তাৱ দিছিল । তেওঁ ১২ বছৰ কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক আছিল । অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনত তেওঁক ৰত্নপীঠৰ ৰত্ন উপাধি প্ৰদান কৰা হয় । ২০০৯ চনত অসম চৰকাৰে তেওঁক চিলাৰায় বঁটা প্ৰদান কৰে । ২০১১ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট সাহিত্যিক, সাংবাদিক ফণী তালুকদাৰৰ স্মৃতি দিৱস । তেওঁ শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ অনুষ্ঠান কাৰ্যবাহী হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল । পিছলৈ তেওঁ এইপদৰ পৰা অৱসৰ লৈ দৈনিক অসমৰ সহকাৰী সম্পাদক আৰু অসমবাণী, অগ্ৰগতি, নৱদূত আদি কাকতৰ সম্পাদক তথা সাপ্তাহিক সময়ৰ মুখ্য সম্পাদক হৈছিল । আলোকৰ যাত্ৰী, পৃথিৱীৰ প্ৰেম, অঘৰী অৱতাৰ আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । ১৯৯৩ চনত তেওঁ অঘৰী অৱতাৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰে । তেওঁ বিভ্ৰাট, মানসকন্যা আৰু অপৰাজেয় নামৰ তিনিখন চলচ্চিত্ৰ পৰিচালনা কৰাৰ লগতে কেইবাখনো তথ্যচিত্ৰও নিৰ্মাণ কৰিছিল । তেওঁ জ্যেতি চিত্ৰবনৰ অধ্যক্ষ আৰু অসম নাট্য সন্মিলনৰ সভাপতি আছিল । ১৯৯৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিক, সাংবাদিকগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ পিছত পোহৰলৈ আহিছে আন আন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ নতুন নতুন তথ্য

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 29, 2023
এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও
সমাজ

এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও

January 28, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 28, 2023
চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ
সমাজ

চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ

January 27, 2023
আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে  শীৰ্ষ ৰেটিং ?
সমাজ

আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে শীৰ্ষ ৰেটিং ?

January 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 27, 2023
Next Post
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ পিছত পোহৰলৈ আহিছে আন আন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ নতুন নতুন তথ্য

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ পিছত পোহৰলৈ আহিছে আন আন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ নতুন নতুন তথ্য

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7