আজি শ্বহীদ কনকলতা বৰুৱাৰ ওপজা দিন । ১৯২৪ চনৰ আজিৰ দিনটোতে গহপুৰৰ বৰঙাবাৰীত তেওঁৰ জন্ম হৈছিল । তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী স্বেচ্ছাসেৱিকা আছিল । তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত মুক্তি বাহিনীত যোগদান কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাৰ কাৰ্যসূচী অনুসৰি ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ দিনা গহপুৰ থানাৰ ব্ৰিটিছ পতাকা নমাই ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলৰ সন্মুখতে থকা মূল স্বেচ্ছাসেৱিকা আছিল আৰু থানাত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ আগবাঢ়োতে পুলিচৰ গুলীত মৃত্যু বৰণ কৰে । তেওঁ আছিল স্বাধীনতা আন্দোলনত অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ । শ্বহীদগৰাকীলৈ আমাৰ প্ৰণাম ।