আজি অসমৰ প্ৰথমগৰাকী অভিযন্তা, সাহিত্যিক তথা সাংবাদিক বলিনাৰায়ণ বৰাৰ ওপজা দিন । ১৯৫২ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ উজানবজাৰত তেওঁৰ জন্ম হৈছিল । লণ্ডনৰ কুপছ ইঞ্জিনিয়াৰিং কলেজৰ পৰা অভিযান্ত্ৰিক স্নাতক হৈ উভতি আহি তেওঁ ১৮৭৮ চনত জখলাবন্ধাত দ্বিতীয় সহকাৰী অভিযন্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে । চাকৰিকালত তেওঁ ধুবুৰী, যোৰহাট, নগাঁও, গোলাঘাট, গুৱাহাটী, শিৱসাগৰ, শ্ৰীহট্ট, ডিব্ৰুগড় আৰু ছৈয়দপুৰত ১৯০৬ চনলৈকে বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰে । কিন্তু তেওঁ চীফ ইঞ্জিনীয়াৰ পদলৈ পদোন্নতি পাবৰ সময়ত তেওঁক বঞ্চিত কৰি চৰকাৰে ইংৰাজ এজনক সেই পদত বহুওৱাত তেওঁ স্বেচ্ছাই চাকৰিৰ পৰা অৱসৰ লয় । ১৮৮৬ চনত তেওঁ কলিকতাৰ পৰা মাহেকীয়া আলোচনী ‘মৌ’ প্ৰকাশ কৰে । তেওঁ চাকৰিকালতে ১৮৮৭ চনত জৰীপ বিষয়ক এখন পুথি লিখিছিল । তদুপৰি তেওঁ জিঅ’গ্ৰাফী অব ইণ্ডিয়া আৰু ভাৰতবৰ্ষৰ বুৰঞ্জী নামৰ আন দুখন পুথিও লিখিছিল । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি সাহিত্যিক তথা সাহিত্য সমালোচক অতুলচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস । ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ তেওঁ শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল । ১৯৪৩ চনৰ পৰা ১৯৪৯ চনলৈ তেওঁ শ্বিলঙৰ অসম সচিবালয়ত চাকৰি কৰিছিল । ১৯৪৯ চনত তেওঁ এচিএছ পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰশাসনিক বিষয়া হয় আৰু ১৯৭৪ চনত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰে । তেওঁ শ্বিলং মুকুল সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল । সাহিত্যৰ ৰূপৰেখা, সমালোচনা সাহিত্য, সাহিত্য দৃষ্টি আদি তেওঁৰ সাহিত্য কৃতি । ১৯৭৯ চনত শুৱালকুছিত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।