আজি আধুনিক কম্পিউটাৰৰ পিতৃপুৰুষ চাৰ্লছ বেবেজৰ ওপজা দিন । ১৭৯১ চনৰ আজিৰ দিনটোতে ইংলেণ্ডত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী গণিতজ্ঞ, দাৰ্শনিক আৰু মেকানিকেল ইঞ্জিনীয়াৰ । তেওঁ ডিজিটেল প্ৰগ্ৰেম কৰিব পৰা কম্পিউটাৰ উদ্ভাৱন কৰিছিল । সেইবাবে তেওঁক আধুনিক কম্পিউটাৰৰ পিতৃপুৰুষ বুলি কোৱা হয় । ১৮৩৩ চনত তেওঁ প্ৰথমটো এনে কম্পিউটাৰ উদ্ভাৱন কৰিছিল, যাক কোৱা হৈছিল এনালাইটিকেল ইঞ্জিন । এই উদ্ভাৱনৰ সূত্ৰ ধৰিয়েই আজিৰ আধুনিক কম্পিউটাৰৰ সৃষ্টি হৈছে । উদ্ভাৱকগৰাকীলৈ আমাৰ প্ৰণাম ।